ETV Bharat / city

মহানগৰীৰ পাটৰকুছিত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় ২৫টা বাসগৃহ - পাটৰকুছিত বিধ্বংসী অগ্নিকাণ্ড

গুৱাহাটীৰ পাটৰকুছিত বিধ্বংসী অগ্নিকাণ্ড (Massive fire in Guwahati city)৷ জুইত ভস্মীভূত প্ৰায় 25টা বাসগৃহ ৷ বৰ্তমানলৈ নিৰ্বাপিত হোৱা নাই জুই ৷

devastating fire breaks out in Guwahati
মহানগৰীৰ পাটৰকুছিত বিধ্বংসী অগ্নিকাণ্ড
author img

By

Published : Mar 25, 2022, 11:20 AM IST

Updated : Mar 25, 2022, 1:45 PM IST

গুৱাহাটী, ২৫ মাৰ্চ : মহানগৰীৰ পাটৰকুছিত শুকুৰবাৰে পুৱা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড (Massive fire in Guwahati city)৷ পাটাৰকুছিৰ আৱাসিক এলেকাত সংঘটিত হয় এই অগ্নিকাণ্ড (Guwahati fire incident) ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় ২৫টাকৈ অধিক টিন-তৰ্জাৰে নিৰ্মিত ঘৰ ৷

জুইত জাহ যায় এগৰাকী প্ৰাক্তন আৰক্ষীৰ বাসগৃহও । প্ৰাক্তন আৰক্ষী বিষয়া নবীন চন্দ্ৰ বৰাৰ ঘৰতেই এই জুইৰ সূত্ৰপাত হোৱাৰ কথা জানিব পৰা হৈছে ৷ আৰক্ষী লোকজনৰ ঘৰত আছিল প্ৰায় ৩০টা ভাড়া ঘৰ । ঘটনাস্থলীত ৯খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ।

মহানগৰীৰ পাটৰকুছিত বিধ্বংসী অগ্নিকাণ্ড

অগ্নিকাণ্ডত এটা চিলিণ্ডাৰো বিস্ফোৰণ হোৱা বুলি জানিব পৰা হৈছে ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ লেলিহান শিখা বিয়পি পৰে আৰু প্ৰায় 25টাকৈ বাসগৃহ জ্বলি ভস্মীভূত হয় ৷

লগতে পঢ়ক : বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ডিব্ৰুগড় নিউ মাৰ্কেটৰ প্ৰায় 30 খন দোকান

Last Updated : Mar 25, 2022, 1:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.