ETV Bharat / city

কোনে শুনে কাৰ কথা, ঘোষণাৰ পিছতো প্ৰত্যাহাৰ হোৱা নাই Ceiling ব্যৱস্থা

author img

By

Published : Nov 15, 2021, 6:45 PM IST

Updated : Nov 15, 2021, 7:04 PM IST

চিলিং (Ceiling) ব্যৱস্থাৰ ৰঙা ফিটাৰ মেৰপেচত পৰি বহু ঠিকাদাৰে প্ৰাপ্য ধন আৰু বহু চৰকাৰী কৰ্মচাৰীয়ে সময়মতে দৰমহা আদায় নাপায় । সেয়ে প্ৰশাসনীয় ব্যৱস্থাটোক সৰলীকৃত কৰাৰ উদ্দেশ্যেই বিত্তমন্ত্ৰী হৈ থকা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিলিং ব্যৱস্থাটো প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল ।

despite-announcement-assam-yet-to-withdraw-ceiling-system
চিলিং নাই : কোনে শুনে কাৰ কথা, মুখ্যমন্ত্ৰীৰ ঘোষণাও অসাৰ

গুৱাহাটী, ১৫ নৱেম্বৰ : বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই প্ৰশাসনীয় ব্যৱস্থাটো সৰলীকৃত কৰাৰ উদ্দেশ্যেই বিত্তমন্ত্ৰী হৈ থকা সময়ত ঘোষণা কৰিছিল যে এতিয়াৰে পৰা Fixation of Ceiling (FOC) চমুকৈ চিলিং ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হ’ব । কিয়নো এই চিলিং ব্যৱস্থাৰ ৰঙা ফিটাৰ মেৰপেচত পৰি বহু ঠিকাদাৰে প্ৰাপ্য ধন আৰু বহু চৰকাৰী কৰ্মচাৰীয়ে সময়মতে দৰমহা আদায় নাপায় । যিহেতু দিছপুৰৰ কোষাগাৰৰ পৰা কেন্দ্ৰীভূতভাৱে এই চিলিং মোকলাই দিয়া হয় ।

বিত্তমন্ত্ৰীৰ এই ঘোষণাৰ পিছত যাৱতীয় নিৰ্দেশনাও জাৰি কৰা হৈছিল । কিন্তু পৰিতাপৰ বিষয় যে এতিয়াও ৰঙা ফিটাৰ মোহ এৰিব নোৱৰা বিত্ত বিভাগে এই নিৰ্দেশনা কাৰ্যকৰীয়েই নকৰিলে । যাৰ ফলস্বৰূপে চিলিং নোপোৱাৰ বাবে বিগত দুমাহে দৰমহা লাভ কৰা নাই বহু ঠিকাভিত্তিক আৰু অস্থায়ী চৰকাৰী কৰ্মচাৰীয়ে । একমাত্ৰ বিত্ত বিভাগৰ অৱহেলাৰ বাবেই আজিকোপতি চিলিং ব্যৱস্থা প্ৰত্যাহাৰ নহ'ল ।

স্বয়ং মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু নিৰ্দেশো কাৰ্যকৰী নকৰিলে বিত্ত বিভাগে । ফলত এতিয়াও চিলিঙৰ অভাৱৰ বাবেই নিয়মীয়াকৈ দৰমহা লাভৰ পৰা বঞ্চিত হৈ আহিছে বুজন সংখ্যক চৰকাৰী কৰ্মচাৰী । কাৰিকৰী কথাটো হ'ল যে এইসকল কৰ্মচাৰীয়ে চিলিং অবিহনেই দৰমহা নিয়মীয়াকৈ লাভ কৰিবলৈ হ'লে বিত্ত বিভাগে দৰমহাৰ ‘হেড’ সলনি কৰিব লাগিব । বৰ্তমানৰ ০০৫ ‘হেড’ৰ পৰা ইয়াক ০০১ ‘হেড’লৈ পৰিৱৰ্তন কৰিব লাগিব । কিন্তু দিছপুৰৰ বিয়াগোম বিত্ত বিভাগটোৱে আজি অতদিনে সেই কামটোকে কৰি নিদিলে । যাৰফল ভুগিবলগীয়া হৈছে এইসকল অসহায় চৰকাৰী কৰ্মচাৰীয়ে ।

লগতে পঢ়ক : MLA Training Camp: মুম্বাইৰ পিছত এইবাৰ দিছপুৰত বিধায়কৰ প্ৰশিক্ষণ

Last Updated : Nov 15, 2021, 7:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.