ETV Bharat / city

নিযুক্তিৰ বিজ্ঞাপনৰ আবেদন মাচুল প্ৰত্যাহাৰৰ দাবী দল-সংগঠনৰ - অসম চৰকাৰৰ নিযুক্তি বিজ্ঞাপন

অসম চৰকাৰে পদ পূৰণৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতে প-পত্ৰ পূৰণৰ মাছুল বিনামূলীয়া কৰা তথা পৰীক্ষা সম্বন্ধীয় কেতবোৰ উল্লেখনীয় তথ্য যোগান ধৰিবলৈ অনুৰোধ জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

২৬লাখ নিযুক্তি বিজ্ঞাপনৰ আবেদন মাচুল প্ৰত্যাহাৰৰ দাবী দল-সংগঠনৰ

author img

By

Published : Mar 26, 2022, 11:03 PM IST

গুৱাহাটী, 26 মাৰ্চ : ৰাজ্যত ভয়াৱহ ভাৱে নিবনুৱা সমস্যাই গ্ৰাস কৰি উঠা সময়তে অসম চৰকাৰে শনিবাৰে প্ৰকাশ কৰিছে প্ৰায় 26 হাজাৰো অধিক পদৰ বিপৰীতে নিযুক্তিৰ বিজ্ঞাপন (Assam Government’s Largest Appointment) । চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থবৰ্গ মুঠ 26,441 টা পদত নিযুক্তিৰ বাবে প্ৰকাশিত বিজ্ঞাপনে সামান্যতম হলেও আশাৰ ৰেঙণি দেখুৱাইছে নিবনুৱা সকলৰ মাজত ।

তৃতীয়-চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে চৰকাৰে গঠন কৰি দিয়া বিশেষ কমিটিখনে প্ৰকাশ কৰা বিজ্ঞাপনে নিবনুৱাসকলক সামান্য আনন্দ দিয়াৰ সমান্তৰালকৈ বৃদ্ধি কৰিছে চিন্তা । কাৰণ পদসমূহত আবেদন কৰা বাবে নিৰ্দিষ্ট কৰি দিয়া হৈছে আবেদন মাচুল । তৃতীয়-চতুৰ্থ বৰ্গৰ পদত সুকীয়াকৈ আবেদনৰ মাচুল নিৰ্ধাৰণ কৰিছে কমিটিখনে ।

২৬লাখ নিযুক্তি বিজ্ঞাপনৰ আবেদন মাচুল প্ৰত্যাহাৰৰ দাবী দল-সংগঠনৰ

চতুৰ্থ বৰ্গৰ পদত আবেদনৰ বাবদ জেনেৰেল, অবিচি আৰু এমঅবিচি প্ৰাৰ্থীয়ে ভৰিব লাগিব 200টকাৰ বিপৰীতে এছটি, এছচিয়ে 150 টকা । একেদৰে তৃতীয় বৰ্গৰ পদসমূহত জেনেৰেল, অবিচি, এমঅবিচি প্ৰাৰ্থীয়ে 350 টকা আৰু এছচি, এছটিয়ে 250 টকা আবেদন মাচুল জমা দিব লাগিব । বিশেষ বিজ্ঞানপনটোত স্পষ্টকৈ উল্লেখ আছে মাচুল জমা নিদিয়া প্ৰাৰ্থীৰ আবেদন বাতিল হ’ব ।

অসম চৰকাৰে চাকৰি পদত আবেদনৰ বাবদ নিবনুৱাসকলৰ পৰা বৃহৎ পৰিমাণৰ মাচুল সংগ্ৰহ কৰাৰ কাৰ্যক তীব্ৰ ভাৱে সমালোচনা কৰিছে ৰাজ্য বহুকেইটা জাতীয় সংগঠন প্ৰমুখ্যে ৰাজনৈতিক দলে । চৰকাৰে সংস্থাপনৰ নামত ৰাজ্যৰ লাখ-লাখ নিবনুৱাৰ পৰা আবেদন মাচুল সংগ্ৰহ কৰি খালি ৰাজকোষ টনকিয়াল কৰিব বিচাৰিছে নেকি !

এই প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই । কলিতাৰ দাবী, সকলো নিবনুৱাৰ বাবেই আবেদনৰ মাচুল বিনামূলীয়া কৰিব লাগে । ইতিমধ্যে আবেদন হৈ যোৱা অসম চৰকাৰৰ আৰক্ষী বিভাগৰ বিভিন্ন পদত আবেদনৰ মাচুল লোৱা হোৱা নাছিল ।

আবেদনৰ মাচুল সংগ্ৰহৰ জৰিয়তে বৃহৎ পৰিমাণৰ পুঁজি সংগ্ৰহ কৰাৰ কৌশল ৰচনা কৰা বুলিও সাধাৰণ সম্পাদক কলিতাই উল্লেখ কৰে । তাৎপৰ্যপূৰ্ণ কথা যে দৰিদ্ৰ পৰিয়ালৰ এগৰাকী নিবনুৱা প্ৰাৰ্থীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ দুয়োটা শাখাত আবেদন কৰিবলৈ হলে 400-550 টকা মাচুল জমা দিব লাগিব ।

যিটো নেকি প্ৰতিটো পৰিয়ালৰ বাবে সামথ্যযোগ্য নহয় । চৰকাৰৰ আবেদন মাচুল সংগ্ৰহৰ সিদ্ধান্তক সমালোচনা কৰি আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে কয়, ক’ভিডৰ বাবে হোৱা আৰ্থিক সংকটৰ পাছত নিবনুৱা যুৱক-যুৱতীৰ পৰা চৰকাৰে এইদৰে ধন ঘটিবলৈ চেষ্টা কৰা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় ।

আবেদন মাচুল সম্পূৰ্ণকৈ প্ৰত্যাহাৰ নতুবা অতি সামান্য পৰিমানে মাচুল সমগ্ৰ কৰিব লাগে- দলৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰীয়ে কয়। ইয়াৰ উপৰিও নিযুক্তিৰ আবেদনৰ বাবদ চৰকাৰে ধন সংগ্ৰহ কৰা সিদ্ধান্তক তীক্ষ্ণ সমালোচনা কৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক ধৃতিময় ৰায় চৌধুৰীয়ে আবেদন মাচুলৰ জৰিয়তে চৰকাৰৰ ৰাজহ সংগ্ৰহৰ এক কৌশল বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ।

যি নিবনুৱাই সংস্থাপন বিচাৰি আজি হাহাকাৰ কৰিছে, সেইসকল নিবনুৱাৰ পৰাই আকৌ বৃহৎ পুঁজি সমগ্ৰ কৰাতো সমৰ্থনযোগ্য নহয় । সদৌ অসম ছাত্ৰ সন্থাই এনে কাৰ্য কেতিয়াও মানি নলয় । এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিব লাগে বুলি মন্তব্য কৰে সন্থাটোৱে ৷

লগতে পঢ়ক : চৰকাৰৰ খালী পদ পূৰণৰ বিজ্ঞাপন: প-পত্ৰ পূৰণৰ মাছুল বিনামুলীয়া কৰাৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.