ETV Bharat / city

ৰাজ্যৰ বান পৰিস্থিতি : বৰ্তমানলৈকে 27 জন লোকৰ মৃত্যু

author img

By

Published : Jul 1, 2020, 12:14 AM IST

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ ৰাজ্যখনৰ 23 খনকৈ জিলা এতিয়াও জলমগ্ন ৷ বৰ্তমানলৈকে 27 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দহ লক্ষাধিকত কৈ অধিক লোক প্ৰভাৱিত ৷

Assam Flood Situation
Assam Flood Situation

গুৱাহাটী, 1 জুলাইঃ কৰ’ণা ভাইৰাছৰ সমান্তৰালকৈ অসমত এতিয়া কাল ৰূপ ধাৰণ কৰিছে ভয়ংকৰ বানে ৷ ৰাজ্যখনৰ 33 খন জিলাৰ 23 খন জিলা এতিয়াও জলমগ্ন হৈ আছে ৷ শেহতীয়া তথ্য অনুসৰি পুনৰ তিনিজন লোকৰ মৃত্যু হোৱাৰ পাচত বৰ্তমানলৈকে ৰাজ্যখনত বানত মৃত্যু হৈছে 27 জন লোকৰ ৷ মঙলবাৰে বৰপেটাত দুজন আৰু ডিব্ৰুগড়ত এজন লোকৰ মৃত্যু হয় ৷

ইয়াৰ বিপৰীতে অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য মতে বৰ্তমানলৈকে বানত প্ৰায় 14,93,508 লাখ লোক প্ৰভাৱিত হৈছে ৷ প্ৰায় 2235 খন গাঁও এতিয়াও পানীৰ কৱলত ৷ অৱশ্যে পূৰ্বৰ তুলনাত দুখন জিলাত বানৰ পৰিস্থিতি সামান্যলৈ ঘূৰি আহিছে ৷

আটাইতকৈ ক্ষতিগ্ৰস্থ হোৱা জিলা কেইখন হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, চিৰাং, দৰং, নলবাৰী, বৰপেটা,বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শলমাৰা, গোৱালপাৰা, কামৰূপ,মৰিগাঁও,হোজাই, নগাঁও,গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং ৷

বিভিন্ন জিলাত জিলা প্ৰশাসনে 133 টাকৈ আশ্ৰয় শিবিৰ মুকলি কৰাৰ লগতে মুঠ 132 টা সাহাৰ্য বিতৰণ চেণ্টাৰ গঠন কৰিছে ৷ এই বানৰ ফলত বৰ্তমানলৈকে 75,700,12 হেক্টৰ কৃষি ভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ বিভীষিকা অব্যাহত আছে ৷ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বৃহৎ অংশ এতিয়াও জলমগ্ন ৷

  • লগতে চাওক-কৰ'ণাতকৈ ভয়াৱহ বান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.