নিউজ ডেস্ক, 15 নৱেম্বৰ : মূল্যবৃদ্ধিৰোধ কৰাৰ বাবে সকলো পেট্ৰ’লজাত সামগ্ৰী জি এছ টিৰ আঁওতাত অনাৰ লগতে নেচনেল মনিটাইজেচন প্ৰত্যাহাৰৰ দাবীত ভাৰতৰ কমিউনিষ্ট পাৰ্টি(চি পি আই)য়ে সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে ৷ গুৱাহাটী মহানগৰীৰ লক্ষ্মীনাথ বেজবৰুৱা চ’কত চি পি আয়ে এই দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন ৮ দফীয়া দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
আনহাতে, একে দাবীতে নগাঁও জিলা চি পি আই কৰ্মীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । চি পি আইৰ নগাঁও জিলা সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ বাবে 6 নৱেম্বৰৰ পৰা প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি আহিছে । তেওঁলোকে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায় ।
একেদৰে জনীয়া সমষ্টিৰ কলগাছিয়াৰ চি পি আই (এম)ৰ নেতা-কৰ্মীসকলে সোমবাৰে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা আৰু নেচনেল মনিটাইজেচন প্ৰত্যাহাৰৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে কলগাছিয়াস্থিত পাটবজাৰৰ পৰা চি পি আই (এম) কাৰ্যালয়লৈ এই সমদল উলিয়াই বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে কলগাছিয়া বজাৰ উত্তাল কৰি তোলে ।
লগতে পঢ়ক : চৰকাৰী চাউলৰ বেগত বাংলা ভাষা ব্যৱহাৰক লৈ লখিমপুৰত প্ৰতিবাদ