ETV Bharat / city

গুৱাহাটী মহানগৰীত ক'ভিড পৰিস্থিতি অনিয়ন্ত্ৰিত - guwahati covid sitution

ৰাজ্যখনত বিগত ২৪ ঘণ্টাত তুনকৈ ৬৪০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫ গৰাকীৰ মৃত্যু হয় । সংক্ৰমণৰ হাৰ ০.৭৭ শতাংশ । মহানগৰ জিলাত ১২৬ গৰাকী লোক নতুনকৈ আক্ৰান্ত । কামৰূপ মহানগৰ জিলাত ১,৩৫২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷

covid situation in guwahati
গুৱাহাটী মহানগৰীত ক'ভিড পৰিস্থিতি অনিয়ন্ত্ৰিত
author img

By

Published : Aug 22, 2021, 12:56 PM IST

গুৱাহাটী, ২২ আগষ্ট : ৰাজ্যৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও অব্যাহত আছে সংক্ৰমণ । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ৬৪০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫ গৰাকীৰ মৃত্যু হয় । এই সময়চোৱাত ৰাজ্যৰ ৮২,৭২৯ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল ৷ ইয়াৰে ৬৪০ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ।

covid situation in guwahati
বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

সেই হিচাপত সংক্ৰমণৰ হাৰ ০.৭৭ শতাংশ । আনহাতে, বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৬৫৮ গৰাকী লোকে ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে । সুস্থতাৰ হাৰ ৯৭.৬৪ শতাংশ । বৰ্তমান ৰাজ্যখনত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৬,৮৭৭ গৰাকী ।

উল্লেখ যে, ৰাজ্যৰ ক'ভিড পৰিস্থিতি ক্ৰমাত উন্নত হৈছে যদিও গুৱাহাটী মহানগৰীত সংক্ৰমণৰ হাৰ এতিয়াও অনিয়ন্ত্ৰিত হৈ আছে । ৰাজ্যৰ বিভিন্ন জিলাত সংক্ৰমণৰ সংখ্যা শূণ্যৰ পৰা ৫০ ৰ ভিতৰত আছে যদিও গুৱাহাটী মহানগৰীত এতিয়াও সংক্ৰমণৰ সংখ্যা এশৰ ওপৰত আছে । বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ১২৬ গৰাকী লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ।

covid situation in guwahati
গুৱাহাটীত অনিয়ন্ত্ৰিত ক'ভিড পৰিস্থিতি

যাৰ বাবে এতিয়াও কামৰূপ মহানগৰ জিলাৰ পৰা অন্য জিলালৈ অহা-যোৱাৰ ক্ষেত্ৰত বাধা নিষেধাজ্ঞা অব্যাহত আছে । তদুপৰি গুৱাহাটীৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাইজক সজাগ-সচেতন হ'বলৈ আহ্বান জনাই নীতি-নিৰ্দেশনাসমূহ মানি নচলিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে । ইফালে বিগত দহ দিনত কামৰূপ মহানগৰ জিলাত ১,৩৫২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

covid situation in guwahati
গুৱাহাটীৰ ক'ভিড পৰিস্থিতি

ইয়াৰ বিপৰীতে বৰপেটাত ৪৯৩ গৰাকী, গোলাঘাটত ৪১০ গৰাকী, লখিমপুৰত ৩৯৪ গৰাকী, নলবাৰীত ৩৫২ গৰাকী, ডিব্ৰুগড়ত ৩৩৭ গৰাকী, যোৰহাটত ৩২২ গৰাকী, শিৱসাগৰত ৩১৯ গৰাকী, কামৰূপত ২৯৯ গৰাকী, শোণিতপুৰত ২৫১ গৰাকী আৰু নগাঁৱত ২৩৩ গৰাকী লোক আক্ৰান্ত হৈছে । ৰাজ্যৰ আন জিলা সমূহত সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ কমি আহিছে যদিও গুৱাহাটীৰ পৰিস্থিতি উন্নত হোৱা নাই । গুৱাহাটীত দৈনিক শতাধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ লক্ষ্ণৌত উপস্থিত প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.