ETV Bharat / city

Covid 19 Update in Assam : অসমত যোৱা 24 ঘন্টাত 21 জনৰ মৃত্যু - ক’ৰণাত আক্ৰান্তৰ সংখ্যা

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ (Covid 19 cases increase in Assam) ৷ বুধবাৰৰ দিনটোত অসমত ক’ৰণাত আক্ৰান্তৰ হাৰ আছিল 9.85% ৷ আনহাতে মৃত্যু হয় 21 জনকৈ লোকৰ ৷ ইফালে কামৰূপ মহানগৰীত বৃদ্ধি হৈয়ে আছে ক’ৰণাত আক্ৰান্তৰ সংখ্যা ৷

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য
author img

By

Published : Jan 27, 2022, 10:49 AM IST

নিউজ ডেস্ক, 27 জানুৱাৰী : অসমত বুধবাৰে 1,951 গৰাকী লোকৰ দেহত ক’ভিড 19ৰ অৱস্থিতি (Covid positive Cases in Assam) ধৰা পৰে ৷ আনহাতে, যোৱা 24 ঘন্টাত 21 জন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা 36,063 গৰাকীলৈ বৃদ্ধি পাইছে ৷ কামৰূপ মহানগৰীত সৰ্বাধিক 422 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

যোৰহাটত 139 গৰাকী, লখিমপুৰত 91 গৰাকী আৰু ডিব্ৰুগড়ত 87 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, ক’ভিডত আক্ৰান্ত হৈ কামৰূপ মহানগৰীত 7 গৰাকী, ডিব্ৰুগড়ত 4 গৰাকী, বৰপেটাত 2 গৰাকী, শোণিতপুৰত 2 গৰাকী আৰু কাছাৰ, গোলাঘাট, যোৰহাট, কৰিমগঞ্জত 1 গৰাকীকৈ লোক মৃত্যু হয় ক’ভিডত ৷

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

বৰ্তমানলৈকে ৰাজ্যত 2,76,74,656 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ ইয়াৰে 7,04,853 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে 93.79% ৷ ৰাজ্যত মুঠ ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা 6,359 গৰাকী ৷

লগতে পঢ়ক : Former CM Tests Covid Positive: ক'ভিডত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.