ETV Bharat / city

জয় বাংলাদেশ ধ্বনি দি বিপদত হিমন্তঃ পাণবজাৰ থানাত এজাহাৰ দাখিল কটনিয়ানৰ

author img

By

Published : Dec 4, 2019, 5:19 PM IST

"শাসনৰ গাদীত আছে বুলিয়েই যি মন যাই তাকে ক'ব নোৱাৰিব, হিমন্তই নামানিলেও দেশ এতিয়াও গনতন্ত্ৰ," মন্ত্ৰী হিমন্তক বিতৰ্কিত মন্তব্য নিদিবলৈ তীব্ৰ সকীয়নি কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ ৷ পানবজাৰ থানাত দাখিল কৰিলে এজাহাৰ ৷

জয় বাংলাদেশ ধ্বনি দি বিপদত হিমন্ত: পাণবজাৰ থানাত বহুবল্কী মন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ

গুৱাহাটী, 4 ডিচেম্বৰঃ জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্য তোলপাৰ লগাৰ মাজতে মঙলবাৰে সন্ধিয়া অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া 'জয় বাংলাদেশ' ধ্বনিৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিলে কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজে ৷ এই গোচৰ ৰুজু কৰি বহুবল্কী মন্ত্ৰীগৰাকীক অনাগত দিনত এনে ধৰণৰ সংবিধান বিৰোধী মন্তব্য নিদিবলৈ সকীয়াই দিয়ে কটনৰ ছাত্ৰ সমাজে ৷

ছাত্ৰ সমাজৰ হৈ মন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক জিন্তু ঠাকুৰীয়াই কয় যে, যি সময়ত সমগ্ৰ ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চল কেবক লৈ উত্তাল হৈ আছে, "যি সময়ত চাৰিওফালে কেৱল বিভাজন আৰু উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ উত্থান ঘটিছে তেনে এক সময়ত ৰাজ্যৰ বিত্তমন্ত্ৰী মন্ত্ৰীজনে 'জয় বাংলাদেশ'ৰ দৰে সংবিধান বিৰোধী মন্তব্য দিয়াটো অসমবাসী ৰাইজে সমূলি সহ্য কৰিব নোৱাৰে ৷" তেওঁ লগতে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, "আজি হিমন্ত বিশ্বৰ ঠাইত আন কোনোবা সাধাৰণ ব্যক্তি হোৱা হলে এতিয়া লৈ তেওঁ জেলৰ ভাত খাব লগা হ'লহেতেন ৷ কেৱল মন্ত্ৰী হোৱাৰ সুবাদতে মন্ত্ৰী হিমন্তই এনে মন্তব্য কৰিও সাৰি যাবলৈ সক্ষম হৈছে ৷"

পাণবজাৰ থানাত বহুবল্কী মন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ

উল্লেখযোগ্য যে, মঙলবাৰে অসম বিধানসভাৰ অধিৱেশন চলি থকা মাজতে কংগ্ৰেছ দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কেবৰ বিৰুদ্ধে ব্লেডেৰ নিজৰ হাত কাটি তেজেৰে জয় আই অসম লিখি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ইয়াৰ পাছতে বিধানসভাত হোৱা ব্যাপক বিৰোধিতাৰ পাছত অধ্যক্ষ হিতেন গোস্বামীয়ে কংগ্ৰেছী বিধায়ক জনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি বিধানসভাত মন্তব্য কৰিছিল ৷ তেনেস্থলত অধিৱেশন চলি থকাৰ মাজতে জয় বাংলাদেশ ধব্বনি দিয়া হিমন্তৰ বিৰুদ্ধে এতিয়ালৈকে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই বিধানসভাৰ অধ্যক্ষই ৷ ৰাজ্যৰ সৰ্বতে এতিয়া কেৱল এটাই প্ৰশ্ন কেৱল মন্ত্ৰী হোৱাৰ বাবেই আইনৰ দৃষ্টিত সমান নহয় নেকি মন্ত্ৰী হিমন্ত বিশ্ব ? এজাহাৰ দখল কৰি ছাত্ৰৰ দলটোৱে অতি শীঘ্ৰে মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

আৰু পঢ়ক: কোনো কাৰণত মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ আছু

Intro:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পানবাজাৰ থানাত এজাহাৰ দাখিল

Body:অসম বিধান সভাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া জয় বাংলা ধ্বনি সহজভাৱে ল'ব পৰা নাই কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ সমাজে। যি সময়ত সমগ্ৰ ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চল উত্তাল হৈ আছে কেবক লৈ, যি সময়ত অসমীয়া জাতিৰ সুৰক্ষা কৱচৰ প্ৰশ্ন আহি পৰিছে, যি সময়ত বিভাজন, সাম্প্ৰদায়িকতাৰ সৃষ্টি হৈ আছে তেনে সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত 'জয় বাংলাদেশ' ধ্বনি দিয়াটো সমূলি সহ্য কৰিব নোৱাৰে অসমীয়া ৰাইজে। আৰু তাৰ বিৰোধিতাৰে কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ সমাজ ওলাই আহি মঙ্গলবাৰে সন্ধিয়া পানবাজাৰ থানাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰি আইনগতভাৱে ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।

Bite জিন্টু ঠাকুৰীয়া প্ৰাক্তন সাধাৰণ সম্পাদক কটন বিশ্ব বিদ্যালয়

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.