গুৱাহাটী, ৫ জানুৱাৰী: কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ(Cotton university student union election) ফলাফল ঘোষণা । দুটা বছৰৰ বিতৰিৰ পিছত মঙলবাৰে বিশ্ববিদ্যালয়খনত অনুষ্ঠিত ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আছু সমৰ্থিত প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে ।
সদ্যঘোষিত ফলাফলত ছটাকৈ গুৰুত্বপূৰ্ণ পদত জয়লাভ কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । অসম ছাত্ৰ পৰিষদৰো কেইবাগৰাকীও প্ৰাৰ্থীয়ে জয়লাভ কৰে এই নিৰ্বাচনত ৷ একেদৰে আছু সমৰ্থিত কেইবাগৰাকীও প্ৰাৰ্থী জয়ী হ’বলৈ সক্ষম হয় কটন বিশ্ববিদ্যালয়ৰ এই নিৰ্বাচনত ৷ নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকল হ’ল...
- সভাপতি পদত নিয়ৰ ডেকা (অসম ছাত্ৰ পৰিষদ)
- সাধাৰণ সম্পাদক অভিষেক মহন্ত (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি)
- উপ-সভাপতি পদত জয়লাভ কৰিলে হীনা দেউৰী (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি)
- উপ-সাধাৰণ সম্পাদকৰ পদত জুমি গগৈ (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি)
- সাংস্কৃতিক সম্পাদক পদত চন্দ্ৰ জ্যোতি বণিয়া (অসম ছাত্ৰ পৰিষদ)
- তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদক পদত সুদৰ্শন শৰ্মা (আছু)
- ছাত্ৰী জিৰণি কোঠাত নম্ৰতা বৰুৱা (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি)
- লঘু ক্ৰীড়া বিভাগত ছাত্ৰ মুক্তিৰ ফৰ্মাশ্ৰী ব্ৰহ্ম (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি)
- ক'ৰ্ট মেম্বাৰ পদত চন্দ্ৰামিতা দাস (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি)
- ক্ৰিকেট বিভাগৰ সম্পাদক পদত নিয়ৰ মণি কলিতা (অসম ছাত্ৰ পৰিষদ)
- কটনিয়ানৰ সম্পাদক পদত শাশ্বতী প্ৰিয়দৰ্শিনী (আছু)
- ছাত্ৰ জিৰণি চ’ৰা সম্পাদকৰ পদত আকাশ ভট্টাচাৰ্য (আছু)
- সমাজসেৱীকা সম্পাদক পদত নম্ৰতা শৰ্মা (আছু)
- সংগীত বিভাগৰ সম্পাদক পদত উজ্জীৱিত বৰুৱা (আছু)
- ফুটবল আৰু হকী বিভাগত ৰূপম দেউৰী (আছু)
- এথলেটিক সম্পাদকত এনিশা বুংৰুং (আছু)
- টেনিছ, সাতোঁৰ আৰু শৰী চৰ্চা বিভাগৰ সম্পাদকত দ্বীপশিখা কাকতি (আছু)
- কৰ্ট মেম্বাৰ দ্বিতীয়টো পদত নেপুৰ ৰঞ্জন হাজৰিকা (আছু)
উল্লেখ্য যে, ১৬ টা বিভাগ আৰু দুটা ক'ট মেম্বাৰ পদৰ বাবে মুঠ ৪৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য মঙলবাৰে বেলত বাকচত বন্দী হৈছিল ।
লগতে পঢ়ক: চৰকাৰী ধনেৰে ছাত্ৰ-ছাত্ৰীক নিম্নমানৰ ইউনিফৰ্ম প্ৰদান বৰপেটাৰ মাজদিয়া হাইস্কুলত