গুৱাহাটী, 21 মাৰ্চ: ৰাজ্যজুৰি কৰ’ণা ভাইৰাছ তথা ক'ভিড-19 ৰ আতংকই বিৰাজ কৰি থকা সময়তে যোৰাবাটৰ মিছিং বস্তিত পাঁচ জন যুৱকলৈ আতংকৰ পৰিবেশ দেখা গ'ল শনিবাৰে । আচলতে তামিলনাডুৰ পৰা শেহতীয়াকৈ আহিছিল পাঁচ জন যুৱক ৷ যোৰাবাটৰ মিছিং বস্তিত জয়নাথ দালৈৰ ঘৰত তামিলনাডুৰ পৰা অহা যুৱক কেইজনে আশ্ৰয় লৈছিল ।
এই ঘটনাক লৈ আতংকিত হৈ পৰে স্থানীয় লোক সকল । স্থানীয় ৰাইজ, যোৰাবাট আৰক্ষী আৰু সাংবাদিক সকলক তৎপৰতাত তামিলনাডুৰ পৰা অহা পাঁচ যুৱক সোণাপুৰ জিলা চিকিৎসাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।