ETV Bharat / city

কৰ'ণা সন্ত্ৰাস : এনআৰচি প্ৰক্ৰিয়াত যতি !

author img

By

Published : Mar 19, 2020, 7:33 PM IST

সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছক লৈ এতিয়া অসমতো কেনা লাগিছে ৷ অসমত সম্পন্ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সৃষ্টি হৈছে বেমেজালিৰ ৷ এনআৰচিৰ পৰা বাদ পৰা লোকৰ নাম সন্দৰ্ভত লাভ কৰিবলগা জাননী জাৰী কৰাত সম্ভৱত দেৰি হ'ব পাৰে ৷ ইটিভি ভাৰতৰ হাতত আহি পৰিছে এই তথ্য ৷ অৱশ্যে এনআৰচি কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰা নাই ৷

কৰ'ণা সন্ত্ৰাস : এনআৰচি প্ৰক্ৰিয়াত যতি !
কৰ'ণা সন্ত্ৰাস : এনআৰচি প্ৰক্ৰিয়াত যতি !

গুৱাহাটী, ১৯ মাৰ্চ : কৰ'ণা ভাইৰাছে সংহাৰী ৰূপ লোৱাৰ পিছত এইবাৰ কেনা লাগিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীতো । ইতিমধ্যে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছিল ১৯ লাখ লোকৰ নাম । এইসকল নাম বাদ পৰা লোকে কি কাৰণত তেওঁৰ নাম বাদ পৰিল সেই সন্দৰ্ভত বিতং কাৰণসহ একোখনকৈ জাননী ২০ মাৰ্চৰ পৰা এনআৰচি কৰ্তৃপক্ষৰ পৰা লাভ কৰাৰ কথা আছিল ।

সেই জাননীৰ আধাৰতে সেইসকল লোকে নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে বিদেশী ন্যায়াধীকৰণৰ ওচৰত গোচৰ তৰিব পাৰিব । কিন্তু এতিয়া সেই জাননী জাৰীৰ সময় পিছুৱাই দিয়া হৈছে কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে । যদিওবা এনআৰচি কৰ্তৃপক্ষই এই বিষয়ে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই কিন্তু ইটিভি ভাৰতৰ হাতত আহি পৰা খবৰ অনুসৰি কাইলৈ অৰ্থাৎ ২০ মাৰ্চৰ পৰা সেই জাননী জাৰিৰ কাম আৰম্ভ নহ'ব । ইয়াৰ পৰিৱৰ্তে এপ্ৰিলৰ মধ্যভাগৰ পৰাহে এনআৰচি কৰ্তৃপক্ষই নাম বাদ পৰা লোকলৈ জাননী প্ৰেৰণৰ কাম আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.