ETV Bharat / city

মহানগৰীত মুকাভিনয়ৰ জৰিয়তে কৰ’ণাৰ সজাগতা অভিযান - কৰ’ণাৰ সজাগতা

ৱাহাটী মহানগৰীৰ মালিগাঁৱত সোমবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্বনে মুকাভিনয়ৰ জৰিয়তে ৰাইজৰ মাজত কৰ’ণাৰ সজাগতাৰ সৃষ্টি কৰে ৷

corona awareness through mime act in Guwahati
মহানগৰীত মুকাভিনয়ৰ জৰিয়তে কৰ’ণাৰ সজাগতা অভিযান
author img

By

Published : Oct 19, 2020, 7:50 PM IST

গুৱাহাটী,19 অক্টোবৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ’ণাৰ সজাগতামূলক অভিযানৰ আয়োজন । সোমবাৰে গুৱাহাটী মহানগৰীৰ মালিগাঁৱত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্বনৰ সহযোগিতাত এক বিশেষ সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় । মুকাভিনয়ৰ জৰিয়তে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে স্বেচ্ছাসেৱী সংগঠনটোৱে । ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকসকলক মুকাভিনয়ৰ জৰিয়তে শিল্পী মিনাংক ডেকাই সতৰ্কবাণী প্ৰদান কৰে । লগতে তেনে লোকক সংস্থাটোৰ তৰফৰ পৰা বিনামূলীয়াকৈ মাস্ক প্ৰদান কৰা হয় ।

সংস্থাটোৰ উদ্যোক্তাই স্বাস্থ্য বিধি মানি সকলোকে বাহিৰলৈ ওলাই যাবলৈ আহ্বান জনায় । অসমৰ পৰা ক’ভিড নিৰ্মূল কৰাৰ বাবে প্ৰতিগৰাকী নাগৰিককে সজাগ-সচেতন হ’বলৈও এই জনজাগৰণ কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনোৱা হয় । আনহাতে দুৰ্গা পূজাৰ সময়ছোৱাত নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্বনে বিভিন্ন পূজাস্থলীত কৰ’ণাৰ সজাগতা অভিযান চলোৱাৰ কথা উল্লেখ কৰে ৷

মহানগৰীত মুকাভিনয়ৰ জৰিয়তে কৰ’ণাৰ সজাগতা অভিযান

লগতে পঢ়ক : দেৱেন দত্ত হত্যাকাণ্ড: 20 অক্টোবৰলৈ স্থগিত দোষীৰ শাস্তি ঘোষণাৰ দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.