গুৱাহাটী, 10 জুলাইঃ সাতগাঁও আৰক্ষী থানা পৰিণত হৈছে কৰ'ণাৰ অভিকেন্দ্ৰলৈ । থানা খনৰ 16 গৰাকী আৰক্ষী আৰু কৰ্মচাৰী আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত । তাকে লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে থানা খনত কৰ্মৰত আন আৰক্ষীৰ লোকসকল । এতিয়ালৈ থানা খনক কন্টেইনমেন্ট জ'ন হিচাপেও ঘোষণা কৰা নাই প্ৰশাসনে ।
উল্লেখ্য যে এই মুহূৰ্তলৈ কৰ'ণাত আক্ৰান্ত হোৱা আৰক্ষী লোক কেইজন হল ৰেণু ইংতিপি ( কনিষ্টবল), ডিম্বেশৰ দাস( কনিষ্টবল), ৰাহুল কলিতা( কনিষ্টবল), কংকন দাস ( কম্পিউটাৰ অপাৰেটৰ), জিতুমণি তালুকদাৰ( কনিষ্টবল), এ. পি সিং ( কনিষ্টবল), চাজাহান আলি( ড্ৰাইভাৰ), ৰুবুল ইছলাম( ড্ৰাইভাৰ), নিহাৰ সিং( কনিষ্টবল), অৰুপ দাস( ড্ৰাইভাৰ), ত্ৰিনয়ন দলৈ ( এ. এছ . আই), লোম্বিত দাস( হোমগাৰ্ড),আব্দুল মালিক (হোমগাৰ্ড)ৰাম প্ৰসাদ মুদৈ (হোমগাৰ্ড), জিতেন্দ্ৰ নাথ দাস(হোমগাৰ্ড) আৰু নাজৰুল আলি (ড্ৰাইভাৰ) ৷
উল্লেখ্য যে, গুৱাহাটী মহানগৰীত কৰ'ণাৰ গণ সংক্ৰমণৰ ফলত ইতিমধ্যে আক্ৰান্ত হৈছে বহু লোক ৷
লগতে পঢ়কঃ অখিল গগৈৰ মাতৃৰ স্বাস্থ্য়ৰ বুজ ল'লে বিধায়ক নুৰুল হুদাই