ETV Bharat / city

TET teachers protest: ক'লা বেজ পৰিধান কৰি ঠিকাভিত্তিত টেট শিক্ষকে কৰিলে প্ৰতিবাদ - wearing black badges

শুকুৰবাৰে শিক্ষামন্ত্ৰীগৰাকীয়ে কৰা অপমানজনক মন্তব্যৰ বিৰোধিতা কৰি ৰাজ্যজুৰি ঠিকাভিত্তিক শিক্ষকসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Contractual TET teachers protest against education minister's remarks on TET teachers) ।

contractual-tet-teachers-protest-against-education-ministers-driver-remark
ৰাজ্যজুৰি ক'লা বেজ পৰিধান কৰি ঠিকাভিত্তিত টেট শিক্ষকৰ প্ৰতিবাদ
author img

By

Published : Feb 18, 2022, 9:47 PM IST

গুৱাহাটী, 18 ফেব্ৰুৱাৰী : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঠিকাভিত্তিত নিযুক্ত 40 হাজাৰ টেট শিক্ষক সন্দৰ্ভত কৰা মন্তব্যকলৈ বর্তমানেও শিক্ষক সমাজৰ ক্ষোভ অব্যাহত আছে । শিক্ষকৰ প্ৰতি দায়িত্বশীলমন্ত্ৰীজনে কৰা অপমানজনক মন্তব্যৰ বিৰোধিতা কৰি শুকুৰবাৰে ঠিকাভিত্তিক শিক্ষকসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Contractual TET teachers protest against education minister's remarks on TET teachers) ।

এই প্ৰতিবাদকাৰী শিক্ষক সমাজে দিয়া অভিযোগ অনুসৰি 2020 চনৰ 1 জুলাইত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত যোগে প্ৰকাশ পোৱা ৰাজ্যপালৰ নিৰ্দেশনাত উল্লেখিত সুবিধাসমূহ আদায় দিয়াৰ পৰাও ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগে ঠিকাভিত্তিক শিক্ষকসসকলক বঞ্চিত কৰিছে । লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰজেক্ট এপ্ৰোভেল ব'ৰ্ডৰ নিৰ্দেশনা, আৰ টি ইৰ নিয়ম উলংঘা কৰি চৰকাৰে আজি পর্যন্ত ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী ঠিকাভিত্তিত শিক্ষকসকলে ।

লগতে পঢ়ক : Smart Policing Initiative: প্ৰহসনত পৰিণত হৈছে স্মাৰ্ট পুলিচিঙৰ ধাৰণা

লগতে বৰ্ধিত মৰগীয়া বানচ, মেডিকেল ৰিম্বাৰ্ছমেন্ট, এন পি এছ, বেংকৰ লোন, ছাৰ্ভিচ বুকৰ সুবিধা, মৃত্যুকালীন সুবিধা আদি প্ৰাপ্তৰ পৰাও আজি পর্যন্ত বঞ্চিত হৈ আছে এই শিক্ষকসকল । উল্লেখ্য যে, বিগত 12 ফেব্ৰুৱাৰীত এনেবোৰ সমস্যাৰ সমাধান বিচাৰি গোলাঘাট জিলাৰ শিক্ষকৰ এটা প্ৰতিনিধি দলে শিক্ষামন্ত্ৰী ৰণোজ পেগু (Education minister Dr. Ranoj Pegu) ক সাক্ষাৎ কৰি এই সমস্যা সমূহ সমাধান কৰিবলৈ আহ্বান জনাইছিল ৷ পিছে সমস্যা সমাধানৰ আশ্বাসৰ সলনি শিক্ষামন্ত্ৰীগৰাকীয়ে অতি উপলুঙাসূচকভাৱে নিয়মীয়াকৰণৰ দিশে এক মিলিমিটাৰো আগ নাবাঢ়ে বুলি মন্তব্য কৰিছিল । তদুপৰি বেয়া লাগিলে এই চাকৰি এৰি অন্য চাকৰি বিচাৰক বুলিও এক প্ৰকাৰ ককৰ্থনা কৰিছিল শিক্ষা মন্ত্ৰীগৰাকীয়ে ।

শিক্ষা মন্ত্ৰীগৰাকীৰ এনে অপমানসূচক বক্তব্যৰ পাছতে ৰাজ্যখনৰ টেট উত্তীর্ণ শিক্ষকসকল জাঙুৰ খাই উঠে । ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ এনে টুলুঙা মন্তব্যত ক্ষোভিত হৈ পৰা এইসকল শিক্ষকে সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ আহ্বানত শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । আনকি ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষকসকলে ফটোসমূহ ফেচবুক যোগে আপলোড কৰি শিক্ষামন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰে । বহু শিক্ষকে ক'লা বেজ পৰিধান কৰা ফটো আপলোড কৰি শিক্ষামন্ত্ৰীগৰাকীক টেগ কৰি ডিজিটেল মাধ্যম যোগে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : NIA ARRESTS IPS OFFICER: উগ্ৰপন্থীক গোপন তথ্য যোগান ধৰি গ্ৰেপ্তাৰ হ’ল আইপিএচ বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.