ETV Bharat / city

শশীকান্তলৈ কাৰণ দৰ্শোৱাৰ জাননী: শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ কংগ্ৰেছ বিধায়িনী দলৰ

author img

By

Published : Dec 20, 2021, 8:38 PM IST

Updated : Dec 20, 2021, 9:38 PM IST

কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ভৰি চুই বিজেপিৰ গুণগানত মগ্ন হৈ পৰে ৷ ইয়াৰ পাছতেই হাহাকাৰ লাগে কংগ্ৰেছ শিবিৰত ৷ কংগ্ৰেছ দলে বিধায়ক শশীকান্ত দাসলৈ এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ।

MLA Sashikanta das joins BJP
শশীকান্তলৈ কাৰণ দৰ্শোৱাৰ জাননী

গুৱাহাটী, ২০ ডিচেম্বৰ : ইটোৰ পিছত সিটোকৈ ধুমুহাই একপ্ৰকাৰ বিধ্বস্ত কৰি তুলিছে কংগ্ৰেছ দলক । সমগ্ৰ দেশৰ লগতে অসমতো আজিৰ তাৰিখত কংগ্ৰেছ দলৰ অৱস্থা তথৈবচ । ইজনৰ পিছত সিজনকৈ নেতা, বিধায়ক, সাংসদ বিজেপিমুখী হ’ব লাগিছে । অবিৰতভাবে চলি আছে প্ৰব্ৰজনৰ এই প্ৰক্ৰিয়া । তাৰ মাজতে সোমবাৰে হঠাতে দলীয় নেতৃত্বক একপ্ৰকাৰ চক খুৱাই বিজেপিমুখী হ'ল ৰহা সমষ্টিৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাস(Sashikanta das joins BJP) ।

Moved by PM Sri @narendramodi's vision of development, Hon MLA of Raha of @INCIndia Sri Sashi Kanta Das has pledged his commitment to support Assam Govt politically. This is exemplary and will strengthen governance. I & BJP Assam President @Bhabesh_KalitaR hail this decision. pic.twitter.com/IqrxCLp8jG

— Himanta Biswa Sarma (@himantabiswa) December 20, 2021

শশীকান্ত দাসে আনুষ্ঠানিকভাৱে এই পৰ্যন্ত বিজেপিত যোগ দিয়া নাই কিম্বা কংগ্ৰেছৰ বিধায়ক পদত্যাগ কৰা নাই ৷ কিন্তু তেওঁ যে বিজেপিত ইতিমধ্যে শৰণ লৈছে সেইকথা স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰী(CM Himanta Biswa Sarma Twitter)ৰ টুইটৰ পৰা । অসম বিধানসভাৰ শীতকালীন অধিবেশন(Winter session of Assam Assembly)ৰ আজি প্ৰথম দিনটোতেই বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা(State BJP president Bhabesh Kalita)ৰ ভৰি চুই বিজেপিৰ গুণগানত মগ্ন হৈ পৰাত হাহাকাৰ লাগে কংগ্ৰেছ শিবিৰত ।

congress-issues-so-cause-notice-to-sasikant-das
শশীকান্তলৈ কাৰণ দৰ্শোৱাৰ জাননী

ইয়াৰ পাছতেই সন্ধিয়া তৎকালীনভাৱে অনুষ্ঠিত হয় কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক । এই বৈঠকতে বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় । ইপিনে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ২৪ ঘন্টাৰ সময়সীমা ধৰি দি বিধায়ক শশীকান্ত দাসলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয় ।

লগতে পঢ়ক : Sashikanta das joins BJP : ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান

গুৱাহাটী, ২০ ডিচেম্বৰ : ইটোৰ পিছত সিটোকৈ ধুমুহাই একপ্ৰকাৰ বিধ্বস্ত কৰি তুলিছে কংগ্ৰেছ দলক । সমগ্ৰ দেশৰ লগতে অসমতো আজিৰ তাৰিখত কংগ্ৰেছ দলৰ অৱস্থা তথৈবচ । ইজনৰ পিছত সিজনকৈ নেতা, বিধায়ক, সাংসদ বিজেপিমুখী হ’ব লাগিছে । অবিৰতভাবে চলি আছে প্ৰব্ৰজনৰ এই প্ৰক্ৰিয়া । তাৰ মাজতে সোমবাৰে হঠাতে দলীয় নেতৃত্বক একপ্ৰকাৰ চক খুৱাই বিজেপিমুখী হ'ল ৰহা সমষ্টিৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাস(Sashikanta das joins BJP) ।

শশীকান্ত দাসে আনুষ্ঠানিকভাৱে এই পৰ্যন্ত বিজেপিত যোগ দিয়া নাই কিম্বা কংগ্ৰেছৰ বিধায়ক পদত্যাগ কৰা নাই ৷ কিন্তু তেওঁ যে বিজেপিত ইতিমধ্যে শৰণ লৈছে সেইকথা স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰী(CM Himanta Biswa Sarma Twitter)ৰ টুইটৰ পৰা । অসম বিধানসভাৰ শীতকালীন অধিবেশন(Winter session of Assam Assembly)ৰ আজি প্ৰথম দিনটোতেই বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা(State BJP president Bhabesh Kalita)ৰ ভৰি চুই বিজেপিৰ গুণগানত মগ্ন হৈ পৰাত হাহাকাৰ লাগে কংগ্ৰেছ শিবিৰত ।

congress-issues-so-cause-notice-to-sasikant-das
শশীকান্তলৈ কাৰণ দৰ্শোৱাৰ জাননী

ইয়াৰ পাছতেই সন্ধিয়া তৎকালীনভাৱে অনুষ্ঠিত হয় কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক । এই বৈঠকতে বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় । ইপিনে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ২৪ ঘন্টাৰ সময়সীমা ধৰি দি বিধায়ক শশীকান্ত দাসলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয় ।

লগতে পঢ়ক : Sashikanta das joins BJP : ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান

Last Updated : Dec 20, 2021, 9:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.