গুৱাহাটী, ১২ ডিচেম্বৰ : বিজেপি(BJP training camp at Mumbai)ৰ পাছত এইবাৰ কংগ্ৰেছ সাজু হৈছে প্ৰশিক্ষণৰ বাবে । প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ(Srimanta Sankardev Kalakshetra Guwahati)ৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ''আকৌ নতুন প্ৰভাত হ'ব'' শিৰোনামেৰে ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ(Congress to hold massive training Programmes )ৰ ।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাংগঠনিক বিভাগৰ অধীনত প্ৰশিক্ষণ বিভাগৰ তত্বাৱধানত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত দলৰ সকলো সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক তথা প্ৰাক্তন বিধায়ক, বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দলীয় প্ৰাৰ্থী, এ আই চি চিৰ সদস্য-সদস্যা, প্ৰদেশ কংগ্ৰেছৰ সদস্য-সদস্যা, জিলা আৰু ব্ল’ক কংগ্ৰেছৰ সভাপতি, ৰাজ্যিক ভাতৃ-ভগ্নী সংগঠন, কোষ আৰু বিভাগৰ মুৰব্বী তথা প্ৰতিনিধি, জিলা পৰিষদৰ সভাপতি তথা উপ-সভাপতি, স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমান তথা প্ৰাক্তন প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সদৰি কৰে এই তথ্য ।
ভট্টাচাৰ্যই উল্লেখ কৰা অনুসৰি, ১৫ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই দলৰ পতাকা উত্তোলন কৰিব । দিনৰ ১১ বজাত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে মুখ্য অতিথি হিচাপে প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিব । প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত ডি পি ৰায়, শচীন ৰাও আৰু সুমন লস্কৰে অংশগ্ৰহণ কৰিব ।

তদুপৰি সভাপতিৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰ, উপ-দলপতি ৰকিবুল হুছেইন, সকলো সাংসদ আৰু তিনিগৰাকী কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, কমলাক্ষ দে পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ উপস্থিত থাকিব । আনহাতে ১৬ ডিচেম্বৰৰ দ্বিতীয় দিনাৰ প্ৰশিক্ষণত প্ৰাক্তন কেন্দ্ৰীয় গৃহ আৰু বিত্তমন্ত্ৰী পি চিদাম্বৰম(Member of Rajya Sabha and Senior Congress Leader P Chidambaram)ৰ উপৰি সকলো সাংসদ, অধিবক্তা শান্তনু বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ।

১৭ ডিচেম্বৰৰ সামৰণি অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপাল(AICC General Secy and Member of Rajya Sabha K C Venugopal) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে ড৹ দয়ানন্দ পাঠক আৰু সামাজিক মাধ্যমৰ ৰাষ্ট্ৰীয় সমন্বয়ক প্ৰণৱ ভাচ্চাৰাজনী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব । ইফালে "কা" আন্দোলনৰ পাঁচগৰাকী ছহিদলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় ।
লগতে পঢ়ক : ১৫ ডিচেম্বৰৰ পৰা গুৱাহাটীত কংগ্ৰেছৰ 'আকৌ নতুন প্রভাত হ’ব’