ETV Bharat / city

নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থাকোতে বড়োভূমিৰ নাম সলনি কৰাত ক্ষুব্ধ কংগ্ৰেছ - btad

কংগ্ৰেছ দলে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰাৰ লগতে এনেধৰণৰ কুটিল কৌশলে বিজেপিক বি টি আৰৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাব নোৱাৰে বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে ৷

cong-reaction-on-btad-name-change
নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থাকোতে কেনেকৈ সলনি হ'ল বড়োভূমিৰ নাম: ক্ষুব্ধ কংগ্ৰেছৰ প্ৰশ্ন
author img

By

Published : Oct 8, 2020, 7:19 PM IST

গুৱাহাটী, ৮ অক্টোবৰ : বড়োভূমিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে এই সময়ত সেই অঞ্চলত বলবৎ হৈ আছে নিৰ্বাচনী আচৰণবিধি । তেনেক্ষেত্ৰত বি টি এ ডিৰ নাম সলনি কৰি বি টি আৰ কৰাকে আদি কৰি বিভিন্ন ধৰণৰ ঘোষণা চৰকাৰে কেনেকৈ কৰিব পাৰিছে ? এই প্ৰশ্ন কংগ্ৰেছ দলৰ । প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ডঃ ভগীৰথ কৰণে বৃহস্পতিবাৰে এই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰি ই টিভি ভাৰতক কয় যে, বিজেপিয়ে ইতিমধ্যে বুজি উঠিছে যে কোনো কাৰণতে বি টি এ ডিৰ নিৰ্বাচনত তেওঁলোক জয়ী হব নোৱাৰে ।

সেয়েহে নিৰ্বাচনী আচৰণবিধি ভংগ কৰি হ'লেও বি টি এ ডি সম্পৰ্কীয় ইটোৰ পিছত সিটোকৈ ঘোষণা কৰি গৈছে । বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকতো সিদ্ধান্ত লোৱা হয় যে এতিয়াৰে পৰা বড়োভূমিৰ সকলো চাইনবৰ্ডত অসমীয়া ভাষা বাধ্যতামূলক হ’ব । নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এনেবোৰ ঘোষণা চৰকাৰখনে কেনেকৈ কৰিব পাৰিছে ?

নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থাকোতে কেনেকৈ সলনি হ'ল বড়োভূমিৰ নাম: ক্ষুব্ধ কংগ্ৰেছৰ প্ৰশ্ন

কংগ্ৰেছ দলে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰাৰ লগতে এনেধৰণৰ কুটিল কৌশলে বিজেপিক বি টি আৰৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাব নোৱাৰে বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে ।
লগতে পঢ়ক: হাথৰস কাণ্ডৰ তদন্ত সন্দৰ্ভত উচ্চতম ন্য়ায়ালয়ৰ দ্বাৰস্থ হ'ল বেচৰকাৰী সংস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.