ETV Bharat / city

প্ৰাক্তন সাংসদ নাজনিন ফাৰুকৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

author img

By

Published : Sep 17, 2020, 5:31 PM IST

প্ৰাক্তন সাংসদ নাজনিন ফাৰুকৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ ৷ ৰাজ্যসভাৰ প্ৰক্তন সাংসদ তথা সুদক্ষ খেলুৱৈ আছিল নাজনিন ফাৰুক ৷

ফাৰুকৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ
প্ৰাক্তন সাংসদ নাজনিন ফাৰুক

নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ : ৰাজ্যসভাৰ প্ৰক্তন সাংসদ তথা সুদক্ষ খেলুৱৈ নাজনিন ফাৰুকৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আজি এক শোক বাৰ্তাৰ জৰিয়তে সোণোৱালে কয় যে,জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্ৰয়াত ফাৰুকে ৰাজ্যখনৰ সমাজ জীৱনলৈ যি বৰঙণি আগবঢ়াই গ'ল সেয়া সমগ্ৰ ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,ৰাজ্যসভাৰ এগৰাকী সাংসদ হিচাপে ফাৰুকে যথেষ্ট সেৱা আগবঢ়োৱাৰ উপৰি এগৰাকী সুদক্ষ খেলুৱৈ হিচাপেও আমাৰ ক্ৰীড়া জগতলৈ বৰঙণি আগবঢ়াই গৈছে ৷ তদুপৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থাকি সেই অনুষ্ঠানসমূহৰ উত্তৰণৰ দিশতো তেখেতে অৰিহণা আগবঢ়াই গৈছে ৷ এইগৰাকী বিশিষ্ট ব্যক্তিৰ বিয়োগ আমাৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

মুখ্যমন্ত্ৰী সোণোৱালে প্ৰয়াত নাজনিন ফাৰুকৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওছৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক : অসমৰ প্ৰাক্তন অতিৰিক্ত ডিজিপি অশোক চাহুৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.