গুৱাহাটী, ১৯ ডিচেম্বৰ : কংগ্ৰেছে অনুষ্ঠিত কৰা 'আকৌ প্ৰভাত হ'ব' শীৰ্ষক প্ৰশিক্ষণ শিবিৰ (Congress training program in Guwahati)কলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছ দলক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘কংগ্ৰেছে যিমান প্ৰগ্ৰেম কৰে কৰি থাকক, ভাল কথা । প্ৰগেম কৰিলে অৰ্থনৈতিক অৱস্থা টনকিয়াল হয় । মাইক, টেণ্ট, হোটেল আদিৰ বাবদ খৰচ হয় । তাৰ বাবে সেই লোকসকলে পইচা পায় । গতিকে হুলস্থূল নোহোৱাকৈ যিমান অনুষ্ঠান পাতে পাতক, ভাল কথা’’ ৷
আনহাতে, গো সুৰক্ষা আইনখনৰ সংশোধনী(Cow Preservation Act 2021)ৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে আইনখনৰ কেতবোৰ সংশোধন কৰিবলগীয়া আছে । চোৰাং গৰু ধৰা পৰিলে আগতে গৰু জব্দ কৰা হৈছিল । কিন্তু এতিয়া গৰু কঢ়িয়াই অনা ট্ৰাকখনো জব্দ কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ'ব । নহ'লে ট্ৰাকবোৰ জ্বলাই দিয়া হয় নাইবা পুনৰ গৰু সৰবৰাহত ব্যৱহাৰ কৰা হয় ।
হাতী-মানুহৰ সংঘাত(Man Elephant Conflict)ৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে বনাঞ্চল বেদখলমুক্ত(Encroachment of Reserved forest) কৰিব লাগিব । লামডিঙৰ বনাঞ্চল বেদখলমুক্ত কৰাৰ বাবেই আজি হাতীয়ে তাত মুক্ত মনে বিচৰণ কৰিব পাৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে ।
লগতে পঢ়ক : ১৬ খন বিধেয়কৰে সোমবাৰৰে পৰা বিধানসভাৰ শীতকালিন অধিবেশন