ETV Bharat / city

গ্ৰন্থ উন্মোচনৰ বাবে গুৱাহাটীত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

author img

By

Published : Nov 11, 2019, 3:36 AM IST

Updated : Nov 11, 2019, 8:15 AM IST

'ভাৰতবৰ্ষৰ আদালতসমূহ : অতীতৰ পৰা বৰ্তমানলৈ' শীৰ্ষক গ্ৰন্থ উন্মোচনৰ বাবে মাছখোৱা আই আই টিত উপস্থিত হ'ল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পৰৱৰ্তী মুখ্য ন্যায়াধীশ শৰৎ অৰবিন্দ ব'বডেৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

ৰঞ্জন গগৈৰ গুৱাহাটীত গ্ৰন্থ উন্মোচন

গুৱাহাটী, 10 নৱেম্বৰঃ বিবাদিত অযোধ্যা ৰায়দানৰ পাচতে গুৱাহাটীত উপস্থিত হ'ল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৷ মাছখোৱা আই আই টিত অনুষ্ঠিত এক অনুষ্ঠানত 'ভাৰতবৰ্ষৰ আদালতসমূহ : অতীতৰ পৰা বৰ্তমানলৈ' নামৰ গ্ৰন্থখন উন্মোচন কৰে ৰঞ্জন গগৈয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পৰৱৰ্তী মুখ্য ন্যায়াধীশ শৰৎ অৰবিন্দ ব'বডেৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

গ্ৰন্থ উন্মোচনৰ বাবে গুৱাহাটীত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

অনুষ্ঠানত ৰঞ্জন গগৈয়ে মন্তব্য কৰে যে, এয়া তেওঁৰ কাৰ্যকালৰ অন্তিমটো ৰাজহুৱা অনুষ্ঠান ৷ এই গ্ৰন্থখন যোৱা বছৰে অন্য ভাষাতো উন্মোচন কৰাৰ কথা জানিবলৈ দিয়ে গগৈয়ে ৷ কিতাপখন আইনৰ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া উচিত বুলি মন্তব্য গগৈৰ ৷

গ্ৰন্থ উন্মোচনৰ বাবে গুৱাহাটীত ন্যায়াধীশ শৰৎ অৰবিন্দ ব'বডে

অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমবাসীৰ বাবে দেওবাৰৰ দিনটো এটা সৌভাগ্যৰ দিন ৷ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ৰঞ্জন গগৈক ধন্যবাদ জ্ঞাপন কৰে সোণোৱালে ৷ অযোধ্যাৰ ৰায়দানক সন্মান প্ৰদৰ্শন কৰা বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অসমীয়ালৈ অনুবাদ হোৱা এই গ্ৰন্থখন এক আপুৰুগীয়া সম্পদ বুলিও কয় সৰ্বানন্দ সোণোৱালে ৷

গ্ৰন্থ উন্মোচনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এই অনুষ্ঠানত পৰৱৰ্তী মুখ্য ন্যায়াধীশ শৰৎ অৰবিন্দ ব'বডেই ভাষণৰ আৰম্ভণিতে তৰুণৰাম ফুকন,ফকৰুদ্দিন আলি আহমেদ,গোপীনাথ বৰদলৈক স্মৰণ কৰে ৷ মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈ এজন শক্তিশালী মনৰ লোক বুলি মন্তব্য কৰে ব'বডেই ৷

গ্ৰন্থ উন্মোচনৰ বাবে গুৱাহাটীত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

লগতে পঢ়কঃ 87 বছৰ বয়সত মৃত্যু দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টিএন চেচানৰ

Intro:অযোধ্য শুনানিৰ পিছত গুৱাহাটীত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

মাছখোৱা আই আই টিত অসমীয়া ভাষাত অনুবাদ কৰা গ্ৰন্থ ভাৰতবৰ্ষৰ আদালত সমূহ:অতীতৰ পৰা বৰ্তমানলৈ নামৰ গ্ৰন্থ উন্মোচন । উপষ্টিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,পৰৱৰ্তী মুখ্য ন্যায়াধীশ শৰৎ অৰবিন্দ ব'বডেৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপষ্টিত ।

Body:অনুষ্ঠানত ৰঞ্জন গগৈৰ মন্তব্য -

আমি কোনো ধৰনৰ অনুবাদ কৰা নাই,
এইটো মোৰ কাৰ্য্যকালৰ অন্তিমটো ৰাজহুৱা অনুষ্ঠান।

মোক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ।

আমি এইখন কিতাপ বাবডে আৰু মই যোৱা বছৰো অন্য ভাষাত উন্মোচন কৰিছিলো

কিতাপখন গধুৰ কিন্ত ভাল
আইনৰ ছাত্ৰ ছাত্ৰী সকলে এই কিতাপখন পঢ়িব লাগে

মই অন্যান্য বিষয়ৰ ওপৰত আজি একো নকওঁ,সেইটো সামাজিক অনুষ্টান ।

Conclusion:• মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ----

আজি অসমবাসীৰ বাবে এটা সৌভাগ্যবান দিন।। আজি আপোনাৰ উপস্থিতিয়ে আমাক কৃতাৰ্থ কৰিছে।।অযোধ্যাৰ সন্দৰ্ভত আপুনি দিয়া ৰায়ক সন্মান জনাইছো।। অসমীয়ালৈ অনুবাদ হোৱা এই কিতাপখন আমাৰ আপুৰুগীয়া সম্পদ কাৰণ যিসকল আইনজ্ঞই বিভিন্ন ঐতিহাসিক ৰায়েৰে আমাৰ দেশৰ আইন ব্যৱস্থা অধিক শক্তিশালী কৰিলে,তেওঁলোকলৈ শ্ৰদ্ধা জনোৱাৰ বাবে এইখন কিতাপেই সৰ্বোত্তম।।

এই গ্ৰন্থখনে অনাগত দিনত দেশৰ ন্যায় ব্যৱস্থাত যথেষ্ট সহায় কৰি.

আজি দিনটো বহুত ডাঙৰ দিন

কালি ঐতিসাহিক শুনানিক লৈ সকলো গৌৰাম্বিত

মই অসমীয়া হিচাপে গৌৰাম্বিত ।

• শৰৎ অৰবিন্দ ব'বডে,পৰৱৰ্তী মুখ্য ন্যায়াধিশৰ অনুষ্ঠানত মন্তব্য

তৰুণৰাম ফুকন,ফৰুদ্দিন আলি আহমেদ,গোপীনাথ বৰদলৈ তেওঁলোকক মই স্মৰন কৰো

মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈ বহুত শক্তিশালী

গুৱাহাটীতে বসবাস কৰা কথা মোক কৈছিল ৰঞ্জন গগৈয়ে

মুখ্য ন্যায়াধীশ গুৱাহাটীত থাকিব অৱসৰৰ পিছত

মাৰাঠী ভাষাৰ লগত অসমীয়া ভাষাৰ এটা শব্দ একে সেইয়া হৈছে 'আই' শব্দটো

প্ৰথমবাৰৰ বাবে অসমত এইখন অনুবাদ হোৱাৰ বাবে অসমৰ পাঠসকল সৌভাগ্যৱান

Last Updated : Nov 11, 2019, 8:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.