গুৱাহাটী, 12 অক্টোবৰ : শনিবাৰে গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত নামনিমুৱা যশৱন্তপুৰ এক্সপ্ৰেছৰ পৰা জব্দ কৰিছে 330 পেকেট কোৰিয়াত নিৰ্মিত চিগাৰেট ৷ অৰবিন্দ কুমাৰ আৰু চি কাৰ্তিক নামৰ লোক দুজনে ডিমাপুৰৰ পৰা বেংগালুৰুলৈ লৈ যোৱাৰ সময়তে ৰেল আৰক্ষীয়ে জব্দ কৰে চিগাৰেটখিনি ৷ ইয়াৰ লগতে আটক কৰে দুই সৰবৰাহকাৰীক ৷
জব্দ কৰা চিগাৰেটৰ মূল্য ভাৰতীয় বজাৰত প্ৰায় 2.5 লাখ বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে । ইতিমধ্যে সৰবৰাহকাৰী সহ উক্ত চিগাৰেটখিনি ৰেল আৰক্ষীয়ে সীমা শুক্ল বিভাগক চমজাই দিয়ে । এই সম্পৰ্কত সীমা শুক্ল বিভাগে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, পূৰ্বেও গুৱাহাটী ৰেল আৰক্ষীয়ে ৰেলৱে' ষ্টেচনৰ পৰা বহু নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিল ৷