ETV Bharat / city

ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে শিশু কৰ’ণা ৰোগীৰ সংখ্যা - GMCH

কৰ’ণাৰ বৰ্ধিত সংক্ৰমণৰ সমান্তৰালকৈ চিন্তনীয়ভাৱে বৃদ্ধি পাইছে কৰ’ণাত মৃত্যু হোৱা লোকৰ সংখ্যাও । প্ৰতিদিনেই বৃদ্ধি পাব ধৰিছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা । বয়সীয়াল লোকৰ সমান্তৰালকৈ কণ-কণ শিশুৰ মাজত দেখা গৈছে কৰ’ণাৰ ব্যাপক সংক্ৰমণ ৷

Child Covid Patient Increase in Guwahati
ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে শিশু কৰ’ণা ৰোগীৰ সংখ্যা
author img

By

Published : Sep 13, 2020, 6:49 PM IST

Updated : Sep 13, 2020, 9:58 PM IST

গুৱাহাটী, 13 ছেপ্তেম্বৰ : শেহতীয়াকৈ ৰাজ্যত ঘাতক ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণাই । ৰাজ্যত ক’ভিড-19 ত আক্ৰান্ত হৈছে 1 লাখ 40 হাজাৰতকৈ অধিক লোক । বিশেষকৈ কৰ’ণাত আক্ৰান্ত হৈছে 18 বছৰৰ তলৰ বহু শিশু আৰু তৰুণ-তৰুণী । বৰ্তমানলৈকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে বহু কেইগৰাকী শিশু তথা কিশোৰ-কিশোৰীৰ । ঘাতক কৰ’ণাৰ পৰা পৰিত্ৰাণ পোৱা নাই জ‍্যেষ্ঠ তথা কণিষ্ঠ সকলো । শিশুৰ পৰা বৃদ্ধলৈকে ইজনৰ পাছত সিজনকৈ আক্ৰান্ত হ’ব ধৰিছে মহামাৰী কৰ’ণাত । এক কথাত সমগ্ৰ ৰাজ্য এতিয়া কৰ’ণাৰ গ্ৰাসত ।

বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ বাবে অধিক ভয়ংকৰ হৈ পৰিছে কৰ’ণা ভাইৰাছ । কৰ’ণাৰ বৰ্ধিত সংক্ৰমণৰ সমান্তৰালকৈ চিন্তনীয়ভাৱে বৃদ্ধি পাইছে কৰ’ণাত মৃত্যু হোৱা লোকৰ সংখ্যাও । প্ৰতিদিনেই বৃদ্ধি পাব ধৰিছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ।

শিশুৰ মাজত কৰ’ণাৰ সংক্ৰমণ

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বিগত জুন মাহৰ পৰা এই মুহূৰ্তলৈকে চিকিৎসাধীন হৈ আছে 18 বছৰ অনুৰ্ধ্বৰ 157 গৰাকীকৈ কৰ’ণা ৰোগী । ইয়াৰে 6 গৰাকী শিশুৰ ইতিমধ্যে মৃত্যুবৰণ হৈছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে । আনহাতে বৰ্তমান হাস্পতালখনত চিকিৎসাধীন হৈ আছে 14 গৰাকী শিশু । সমান্তৰালভাৱে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ আছে 8 গৰাকী শিশু । ইপিনে সুস্থ হৈ ঘৰলৈ উভটিছে 4 গৰাকী শিশু ।

উল্লেখ্য যে, আক্ৰান্ত অধিকাংশ শিশুৱেই তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা কৰ’ণাত সংক্ৰমিত হৈছিল । প্ৰথম অৱস্থাত বয়োজ্যেষ্ঠ সকলকহে কৰ’ণাই অতি সহজতে আক্ৰমণ কৰিছিল যদিও এতিয়া কৰ’ণাত আক্ৰান্ত হৈছে বয়সীয়াল লোকৰ সমান্তৰালকৈ কণ-কণ শিশু সকলো । যাৰ বাবে অধিক চিন্তিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে সাধাৰণ নাগৰিক ।

লগতে চাওক-ৰঙাপৰাত মাস্ক পৰিধান নকৰা লোকক জৰিমনা আৰক্ষীৰ

Last Updated : Sep 13, 2020, 9:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.