ছয়গাঁও,7 জুলাইঃ যি সময়ত মানুহে নিজেই পূৰ্ণগতিত প্ৰকৃতিৰ ধ্বংসকাৰ্যত লিপ্ত হৈছে তেনে এক সময়তে ছয়গাঁৱৰ এজন উদ্যমী যুৱক হৈ পৰিছে আন বহুতৰ বাবে এক উদাহৰণ । অঞ্চলটোৰ ঠাকুৰপাৰাৰ দেৱজিৎ কলিতা নামৰ যুৱকজনে নিজাববীয়া প্ৰচেষ্টাত আৰম্ভ কৰিছে এক দীঘলীয়া বৃক্ষৰোপণ কাৰ্যসূচীৰ । দেওবাৰে বন মহোৎসৱৰ শেষৰ দিনা ছয়গাঁও চহৰৰ মাজমজিয়াত তথা ১৭ নং ঘাই পথৰ কাষত প্ৰবক্তা উপেন ডেকাৰ সৈতে দুটি গছপুলি ৰোপণ কৰি শুভাৰম্ভ কৰা হয় বৃক্ষৰোপণ অভিযানৰ । বৃহত্তৰ ছয়গাঁও অঞ্চলত ৫০০০ হেজাৰ গছপুলি ৰোপণৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানৰ প্ৰথম দিনাই ৰোপণ কৰা হয় দুশটা গছপুলি ।
যি সময়ত জলবায়ুৰ পৰিৱৰ্তনে প্ৰাকৃতিক পৰিৱেশত বিৰূপ প্ৰভাৱ পেলাইছে সেই সময়ত দেৱজিৎকলিতাৰ দৰে নতুন প্ৰজন্মৰ যুৱকৰ গছপুলি ৰোপণ তথা পৰিৱেশৰ প্ৰতি যি সজাগতা তাৰ সলাগ লৈছে বৃহত্তৰ ছয়গাঁও অঞ্চলৰ ৰাইজে । তেওঁলোকৰ স্পষ্ট মত সমাজত আৰু সৃষ্টি হওঁক দেৱজিৎ কলিতাৰ দৰে যুৱক ।