ETV Bharat / city

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকাবন্ধ: পানীত হাঁহ নচৰা অৱস্থা সাধাৰণ যাত্ৰীৰ - ৩ অক্টোবৰ

আজি সমগ্ৰ ৰাজ্যতে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকাবন্ধ কাৰ্যসূচী ৷ চকাবন্ধৰ ব্যাপক প্ৰভাৱ গুৱাহাটী মহানগৰীত ৷ হাহাকাৰ পৰিস্থিত বহু যাত্ৰীৰ ৷

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকাবন্ধ
author img

By

Published : Oct 3, 2019, 6:32 PM IST

গুৱাহাটী, 3 অক্টোবৰঃ পেট্ৰলজাত সামগ্ৰী, যন্ত্ৰাংশ, বীমা বৃদ্ধিৰ লগতে আনুসংগিক সকলো দ্ৰব্যৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ভাড়া বৃদ্ধিৰ দাবীত বৃহস্পতিবাৰে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকাবন্ধ কাৰ্যসূচী ৷ ভাড়া বৃদ্ধিৰ দাবীত পৰিবহণ সন্থাটো চৰকাৰক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবেই সন্থাটোৱে ৩ অক্টোবৰ পুৱা ৫ বজাৰ পৰা ৪ অক্টোবৰৰ পুৱা ৫ বজালৈ আহ্বান কৰিছে 24 ঘন্টীয়া চকাবন্ধ কাৰ্যসূচী ৷

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকাবন্ধ

এই বন্ধৰ ব্যাপক প্ৰভাৱ দেখা গৈছে সদা ব্যস্ত ৰাজ্যখনৰ মূলকেন্দ্ৰ গুৱাহাটীটো । বন্ধৰ ফলত মহানগৰীত বন্ধ থাকিল দুৰণিবতীয়া, চিটি বাছৰ সেৱা । যাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ যাত্ৰীৰ মাজত । ঘন্টাৰ পিছত ঘন্টা ধৰি যাত্ৰীবাহী বাছৰ বাবে বাছ আস্থানত অপেক্ষাৰত হৈ থাকিবলগীয়া হৈছে বহু যাত্ৰী । যাতায়তৰ মূল প্ৰাণ কেন্দ্ৰ জালুকবাৰী, আদাবাৰী, মালিগাঁও, ভৰলুমুখ, খানাপাৰা আদি স্থানত হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ যাত্ৰীসকল । দুৰ্গা পূজাৰ প্ৰাকক্ষণত এই বন্ধকলৈ ক্ষুব্ধ যাত্ৰীসকল ।

Intro:সদৌ অসম মটৰ পৰিবহণ সন্থাই ঘোষণা কৰা চকাবন্ধৰ সম্পূৰ্ণ প্ৰভাৱ গুৱাহাটী মহানগৰীত। মহানগৰীত দুৰণীৱতীয়া, চিটি বাছৰ নুঘুৰিল চকা। যাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা সাধাৰণ যাত্ৰীৰ। ঘন্টাৰ পিছত ঘন্টা ধৰি বাছ আস্থানত এনেদৰেই যাত্ৰীবাহী বাছৰ বাবে অপেক্ষাৰত যাত্ৰী। দুৰ্গা পূজাৰ পূৰ্বে সন্থাৰ বন্ধকলৈ ক্ষুব্ধ যাত্ৰীসকল। যাতায়তৰ মূল প্ৰাণ কেন্দ্ৰ জালুকবাৰী, আদাবাৰী, মালিগাঁও, ভৰলুমুখ আদি স্থানত হাৰাশাস্তিৰ সন্মুখীন সাধাৰণ যাত্ৰীসকল। উল্লেখযোগ্য যে পেট্ৰ’পন্য, যন্ত্ৰাংশ, বীমা বৃদ্ধিৰ লগতে আনুসংগিক সকলো দ্ৰব্যৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ভাড়া বৃদ্ধিৰ দাবীত সদৌ অসম মটৰ পৰিবহণ সন্থাই চৰকাৰক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে সন্থাই আহ্বান কৰিছিল এই বন্ধৰ। ২৪ ঘন্টীয়া এই চকাবন্ধ কাৰ্যসূচী ৩ অক্টোবৰ পুৱা ৫ বজাৰ পৰা ৪ অক্টোবৰৰ পুৱা ৫ বজালৈ পালন কৰিব সন্থাটোৱে।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.