ETV Bharat / city

পৃথক পতাকা নাকচ কৰি কেন্দ্ৰই চূড়ান্ত কৰিলে নাগা শান্তি চুক্তিৰ খচৰা

author img

By

Published : Oct 7, 2020, 2:19 PM IST

নগা বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি আলোচনাৰ খৰচা প্ৰস্তুত কৰিছে কেন্দ্ৰই ৷ নগা বিদ্ৰোহী সংগঠনে বান্ধি দিয়া পৃথক পতাকাৰ দাবী নাকচ কৰি কেন্দ্ৰই প্ৰস্তুত কৰে এই খচৰা ৷

পৃথক পতাকা নাকচ কৰি কেন্দ্ৰই চূড়ান্ত কৰিলে নাগা শান্তি চুক্তিৰ খচৰা
পৃথক পতাকা নাকচ কৰি কেন্দ্ৰই চূড়ান্ত কৰিলে নাগা শান্তি চুক্তিৰ খচৰা

নিউজ ডেস্ক, 7 অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰি তুলিছে নাগা শান্তি চুক্তিৰ খচৰা ৷ নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন আৰু অন্যান্য গোটসমূহৰ সৈতে স্বাক্ষৰ কৰিবলগীয়া এই চুক্তিৰ খচৰা ইতিমধ্যেই সম্পূৰ্ণ কৰিছে ভাৰত চৰকাৰে ৷ নগা বিদ্ৰোহী সংগঠন এনএছচিএন (আই এম)এ চুক্তিত স্বাক্ষৰ কৰিব নে নকৰে তাক স্পষ্ট কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰই ৷

কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনসমূহৰ উপৰিও সামাজিক গোট আৰু চৈধ্যটা জনগোষ্ঠীৰ সৈতে এই চুক্তি সম্পন্ন কৰিব ৷ ৰাজ্যখনৰ সাতটা বিদ্ৰোহী সংগঠনৰ প্ৰতিনিধিৰে গঠিত নাগা নেশ্বনেল পলিটিকেল গ্ৰুপে এই খচৰাত সন্মতি প্ৰদান কৰিছে ৷

আনহাতে কেন্দ্ৰই এনএছচিএন (আই এম)ৰ পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবীক সম্পূৰ্ণৰূপে নাকচ কৰি ইয়াক মানি লোৱা নহ'ব বুলি স্পষ্ট কৰিছে ৷

বৰ্তমান সময়ত নগাসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া আন্দোলনৰ আলোচনা বিচাৰি দাবী জনাই আহিছে ৷ নগাসকলে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পৃথক সংবিধান আৰু পৃথক পতাকা প্ৰদান কৰাৰ দাবী উত্থাপন কৰি আহিছে ৷ নগাসকলৰ সশস্ত্ৰ বিদ্ৰোহৰ গুৰিধৰোতা এনএছচিএন (আইএম)এ 1997 চনৰ পৰাই যুদ্ধবিৰতিত আছে ৷ 2015 চনৰ 3 আগষ্টত "নগা ফ্ৰেমৱৰ্ক"ত উপনীত হৈছিল ৷ নগা শান্তি আলোচনাৰ বাবে ভাৰত চৰকাৰে নিযুক্ত কৰা মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰএন ৰবি আৰু নগা নেতাসকলৰ মাজত আলোচনা অনুষ্ঠিত হৈ গৈছে ৷ 2019ৰ জুন মাহত দুয়োপক্ষৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল ৷ কিন্তু আলোচনাত নগাই বিচৰা ধৰণে অসম, অৰুণাচল, মণিপুৰ আৰু অৰুণাচলৰ কোনো অংশই শান্তি আলোচনাৰ গণ্ডীলৈ নাহিব বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছিল কেন্দ্ৰই ৷

লগতে পঢ়ক : খ্ৰীষ্টমাছৰ পূৰ্বেই নগাচুক্তিৰ আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.