গুৱাহাটী, 28 ছেপ্টেম্বৰ: অসমবাসীৰ বাবে সুখবৰ । গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমানৰ শৰাইঘাট দলঙৰ কাষত ৰে’ল আৰু পথ সংযোগী দলং নিৰ্মাণৰ বাবে কেন্দ্ৰই ৯৯৬.৭৫ কোটি টকাৰ অনুমোদন আগবঢ়াইছে (centre allot 996.75 crore rs for new brige) । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি এক টুইটযোগে এই কথা জানিবলৈ দিয়ে (Road Transport and Highways minister Nitin Gadkari) ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশক্তিৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ লক্ষ্যৰে গুৱাহাটীত বৰ্তমানৰ শৰাইঘাট দলঙৰ কাষত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰে’ল আৰু পথ সংযোগী দলঙৰ নিৰ্মাণৰ বাবে ৯৯৬.৭৫ কোটি টকা মোকলাই দিছে কেন্দ্ৰই (New bridge on the Brahmaputra River)। এই ব্যয় বহন কৰিব এন এইচ এ আই আৰু ৰে’ল মন্ত্ৰণালয়ে । টুইটযোগে পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয় যে, এপ্ৰ’চ তথা ভিয়াডাক্টৰ নিৰ্মাণৰ ৩২২ কোটি টকাৰ ব্যয় সম্পূৰ্ণৰূপে এন এইচ এ আয়ে বহন কৰিব ।

মন্ত্ৰী গাডকাৰীয়ে লগতে কয় যে, দলংখনে অসমৰ উত্তৰ পাৰক দক্ষিণ পাৰৰ সৈতে অৰ্থাৎ দুয়োপাৰৰ গুৱাহাটীক সংযোগ কৰিব । তদুপৰি দলংখনে নদীখনৰ দুয়োপাৰে মসৃণ আৰু কৌশলগত সংযোগ প্ৰদান কৰিব ।

ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটীত দলং নিৰ্মাণৰ বাবে ৯৯৬.৭৫ কোটি টকা অনুমোদন জনোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জ্ঞাপন কৰে(Assam CM himanta biswa sarma) ।
লগতে পঢ়ক: Assam CM reaction on PFI Ban: গৰুখুটি কাণ্ড আৰু কা আন্দোলনৰ আঁৰত আছিল পি এফ আই