ETV Bharat / city

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰৰ বাসগৃহত হঠাৎ CBI ৰ তালাচী

author img

By

Published : Nov 7, 2021, 6:00 PM IST

Updated : Nov 7, 2021, 7:14 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াৰ বাসভৱনত CBIৰ তালাচী ৷ পুৰণি গোচৰৰ অনুসন্ধানত CBI য়ে চলালে এই তালাচী ৷

cbi-raid-at-former-assam-cm-hiteswar-saikias-son-ashok-saikias-resident
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰৰ বাসগৃহত হঠাৎ CBI ৰ তালাচী

গুৱাহাটী, 7 নবেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াৰ বাসভৱনত CBI ৰ তালাচী ৷ এটা পুৰণি গোচৰৰ অনুসন্ধান পৰ্বৰ অংশ হিচাবে দেওবাৰে বিয়লি CBI য়ে চলালে এই তালাচী ৷ গুৱাহাটীৰ সৰুমটৰীয়াস্থিত অশোক শইকীয়াৰ বাসগৃহত CBI ৰ দল ৷ CBI ৰ ওচৰত দুটাকৈ গোচৰ ৰুজু হৈ আছে অশোক শইকীয়াৰ বিৰুদ্ধে ৷

মৰাণত আছু নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ

উল্লেখযোগ্য যে, এছকাৰ্ড বেংকৰ এটা ঋণ কেলেংকাৰীৰ গোচৰ আছিল শইকীয়াৰ বিৰুদ্ধে ৷ 202/98 নম্বৰত এই সম্পৰ্কত পল্টন বজাৰ থানাত ৰুজু হৈছিল এটি গোচৰ । 2001 ত CBI লৈ হস্তান্তৰ হৈছিল এই গোচৰ । CBI ৰ কলিকাতা শাখাত 5/E/2001 আৰু 6/E/2001 নম্বৰত গোচৰ ৰুজু হৈছিল ।

2013 ত 6/E/2001 গোচৰত দোষী সাব্যস্ত হৈছিল অশোক শইকীয়া । সম্প্ৰতি, অনাগত 9 নৱেম্বৰত CBI ৰ বিশেষ আদালতত অশোক শইকীয়াক হাজিৰ হবলৈ নিৰ্দেশ দিছে CBI এ ।

লগতে পঢ়ক : আকৌ 2G স্পেকট্ৰাম : মনমোহন সিঙৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ ফাদিল !

Last Updated : Nov 7, 2021, 7:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.