ETV Bharat / city

শীঘ্ৰে সোণোৱাল মন্ত্ৰীসভাত সাল-সলনি!

শীঘ্ৰে সোণোৱাল মন্ত্ৰীসভাত হ'ব সাল-সলনি,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত খালি হৈ পৰা আসনত কোন কোন থাকিব তাক লৈ চলিছে বহু জল্পনা-কল্পনা

শীঘ্ৰে সোণোৱাল মন্ত্ৰীসভাত সাল-সলনি!
author img

By

Published : Jun 14, 2019, 7:14 PM IST

গুৱাহাটী,১৪জুন : ৰাজ্যৰ ৰাজনৈতিক মহলত এতিয়া চৰ্চিত বিষয় মন্ত্ৰীসভা সম্প্ৰসাৰণ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত খালি হৈ পৰা আসনত কোন কোন থাকিব তাক লৈ চলিছে বহু জল্পনা-কল্পনা ।

শীঘ্ৰে সোণোৱাল মন্ত্ৰীসভাত সাল-সলনি!

শেহতীয়াকৈ পল্লৱলোচন দাস আৰু তপন গগৈয়ে লোকসভালৈ নিৰ্বাচিত হৈ অহাৰ পাছত খালি হৈ পৰিছে দুখন আসন । ইয়াৰোপৰিও, মন্ত্ৰীসভাত পূৰ্বৰে পৰাই খালী হৈ আছিল এখন আসন । এই খালী হৈ পৰা তিনিখন আসনত সোণোৱালে তেওঁৰ মন্ত্ৰীসভাত নতুন তিনিগৰাকী সদস্য অন্তৰ্ভুক্ত কৰাটো নিশ্চিত । প্ৰাপ্ত তথ্য অনুসৰি আগন্তুক ছমাহৰ ভিতৰত চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ পিছতহে সোণোৱালে তেওঁৰ মন্ত্ৰীসভাৰ পুনৰ গঠন কৰাৰ সম্ভাৱনা আছে । কিন্তু মন্ত্ৰীসভাৰ খালী হৈ পৰা আসনত কোন-কোন থাকিব সেয়া ৰাজনৈতিক মহলত এক চৰ্চাৰ বিষয় হৈ পৰিছে । চৰ্চালৈ আহিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিধায়ক প্ৰশান্ত ফুকন, পদ্ম হাজৰিকা, ৰণোজ পেগু আৰু বিনন্দ শইকীয়াৰ নাম । ইপিনে দিছপুৰৰ আন এক সূত্ৰই সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰীয়ে বিগত আঢ়ৈ বছৰীয়া কাম-কাজৰ খতিয়ান চাই দুই-তিনি গৰাকী মন্ত্ৰীক অপসাৰণ কৰাৰো পূৰ্ণ সম্ভাৱনা আছে। বিশেষকৈ এই ক্ষেত্ৰত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, নৱ দলে আৰু চুম ৰংহাঙৰ নাম দিছপুৰৰ চৰ্চিত হোৱাৰ উপৰিও বি.পি.এফৰ এগৰাকী বিধায়ক আৰু বিধায়ক ডাঃ মানছিং ৰংপি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হব পাৰে বুলিও সৰৱ চৰ্চা চলিছে ।

Intro:গুৱাহাটী,14 জুনঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেতিয়া কৰিব তেওঁৰ মন্ত্ৰীসভাৰ পুণৰগঠন ? সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত মন্ত্ৰীসভাৰ দুজনকৈ সদস্য বিজয়ী হৈ অহাৰ পিছত দিছপুৰত এতিয়া এইটো লাখটকীয়া প্ৰশ্ন। মন্ত্ৰীসভাত পূৰ্বৰে পৰাই খালি হৈ আছিল এখন আসন। শেহতীয়াকৈ পল্লৱলোচন দাস আৰু তপন গগৈ লোকসভালৈ নিৰ্বাচিত হৈ অহাত এই দুখন আসনো খালি হয়। অৰ্থাৎ সোণোৱালে তেওঁৰ মন্ত্ৰীসভাত নতুন তিনিগৰাকী সদস্য অন্তৰ্ভুক্ত কৰাটো নিশ্চিত । আমাৰ হাতত আহি পৰা তথ্য অনুসৰি আগন্তুক ছমাহৰ ভিতৰত চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ পিছতহে সোণোৱালে তেওঁৰ মন্ত্ৰীসভাৰ পুণৰগঠন কৰাৰ সম্ভাৱনা আছে।

Body:কোন অন্তৰ্ভুক্ত হব মন্ত্ৰীসভাত ! ৰাজনৈতিক মহলত এতিয়া সিও এক চৰ্চাৰ বিষয় হৈ পৰিছে । চৰ্চালৈ আহিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিধায়ক প্ৰশান্ত ফুকন, পদ্ম হাজৰিকা, ৰণোজ পেগু আৰু বিনন্দ শইকীয়াৰ নাম। ইপিনে দিছপুৰৰ আন এক সূত্ৰই সদৰি কৰা মতে মুখ্যমন্ত্ৰীয়ে বিগত আঢ়ৈ বছৰীয়া কাম-কাজৰ খতিয়ান চাই দুই-তিনি গৰাকী মন্ত্ৰীক অপসাৰণ কৰাৰো পূৰ্ণ সম্ভাৱনা আছে।

Conclusion:বিশেষকৈ এই ক্ষেত্ৰত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, নৱ দলে আৰু চুম ৰংহাঙৰ নাম চৰ্চিত হৈছে দিছপুৰত। ইয়াৰ পৰিবৰ্তে বি পি এফৰ এগৰাকী বিধায়ক আৰু বিধায়ক ডাঃ মানছিং ৰংপি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হব পাৰে বুলিও সৰৱ চৰ্চা চলিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.