ETV Bharat / bharat

বিধানসভা নিৰ্বাচন ২০২৪ৰ ভোটগণনা Live Updates: জনসাধাৰণক ধন্যবাদ জনালে সিন্দে; মহাযুতিৰ দখলত বিপুল সংখ্যাগৰিষ্ঠতা, ঝাৰখণ্ডত আকৌ এবাৰ ছোৰেণ চৰকাৰ - ELECTION RESULTS 2024

Maharashtra Jharkhand Results Live Update
মহাৰাষ্ট্ৰ-ঝাৰখণ্ডত কোনে গঠন কৰিব চৰকাৰ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 7:46 AM IST

Updated : Nov 23, 2024, 5:05 PM IST

আজি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচন ২০২৪ ৰ ফলাফল আহিব ৷ পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হ’ল ভোটগণনাৰ প্ৰক্ৰিয়া ৷ মহাৰাষ্ট্ৰৰ ২৮৮ খন আৰু ঝাৰখণ্ডৰ ৮১খন আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোটদান প্ৰক্ৰিয়া ৷ ECI ৰ অফিচিয়েল ৱেবছাইট www.eci.gov.in বা results.eci.gov.in ত নিৰ্বাচনৰ ফলাফল উপলব্ধ । ইয়াৰ লগতে ETV Bharat -টো সকলো লাইভ আপডেট লাভ কৰিব ।

LIVE FEED

5:03 PM, 23 Nov 2024 (IST)

ঝাৰখণ্ড: প্ৰত্যাহ্বান নেওচি পুনৰ জিকিল হেমন্ত ছোৰেণ

প্ৰায় 40 হাজাৰ ভোটৰ ব্যৱধানত জিকিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ ৷ বৰহেট সমষ্টিৰ বিজেপি প্ৰাৰ্থী গমালিয়ল হেম্ব্ৰমক পৰাস্ত কৰিলে হেমন্ত ছোৰেণে ৷

4:11 PM, 23 Nov 2024 (IST)

ঝাৰখণ্ড: হেমন্ত ছোৰেণৰ পত্নীৰ জয়লাভ

গাণ্ডেয় সমষ্টিৰ পৰা জয়লাভ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ পত্নী কল্পনা ছোৰেণৰ ৷ কল্পনাই বিজেপি প্ৰাৰ্থী মুনিয়া দেৱীক পৰাস্ত কৰে ৷

3:20 PM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰ: দেওৰাক পৰাজিত কৰি আদিত্য থাকৰেৰ জয়লাভ

শিৱসেনা (সংযুক্ত)ৰ নেতা আদিত্য থাকৰেৰ ৱাৰ্লি বিধানসভা সমষ্টিৰ পৰা জয়লাভ ৷ আদিত্যই শিৱসেনা (সিন্ধে)ৰ মিলিন্দ দেওৰাক 8,408 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷

2:13 PM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰ : কংগ্ৰেছৰ প্ৰবীণ নেতা বালাছাহেব থোৰাট পৰাজিত

কংগ্ৰেছৰ দুৰ্গ সংগমনেৰত একেৰাহে ৮ বাৰ জয়ী হৈছিল বালাছাহেব থোৰাট ৷ কিন্তু ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত সংগমনেৰৰ শিৱসেনাৰ প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী আমোল ধোন্দিবা খাটালৰ হাতত পৰাস্ত হয় থোৰাট ।

1:41 PM, 23 Nov 2024 (IST)

ঝাৰখণ্ড : বিজেপিৰ প্ৰচাৰ আৰু নেতাৰ চমকটো ঝাৰখণ্ডৰ জনসাধাৰণ পতিয়ন যোৱা নাই : CPI ৰ ডি ৰাজা

শনিবাৰে CPI নেতা ডি ৰাজাই ঝাৰখণ্ডত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে ৰাজ্যখনত বিজেপিৰ আকৰ্ষণীয় প্ৰচাৰতো জনসাধাৰণ পতিয়ন যোৱা নাই । তেওঁ কয় যে ঝাৰখণ্ডত বিজেপি নেতাসকলে উত্থাপন কৰা অনুপ্ৰৱেশ আৰু দুৰ্নীতিৰ বিষয়সমূহে ৰাইজক আশ্বস্ত কৰিব পৰা নাই । তেওঁ দাবী কৰে যে অনুপ্ৰৱেশৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব ।

CPI নেতাগৰাকীয়ে কয়, "এই সকলোবোৰ প্ৰাৰম্ভিক ধাৰা । এই ধাৰা অব্যাহত থাকিলে মহাৰাষ্ট্ৰত বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহে জয়ী হৈ চৰকাৰ গঠন কৰিব । ঝাৰখণ্ডৰ ক্ষেত্ৰত JMM, কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোটে নিশ্চিতভাৱে চৰকাৰ গঠন কৰিব ।" ‘‘আমি চূড়ান্ত ফলাফলৰ লগতে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ জনসাধাৰণৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰিব লাগিব ।" তেওঁ কয় ৷

"বিজেপি আৰু ইয়াৰ নেতাসকলে চলাই থকা প্ৰচাৰৰ সৈতে ঝাৰখণ্ডৰ জনসাধাৰণ একেবাৰেই একমত নহয় । অনুপ্ৰৱেশ আৰু দুৰ্নীতিৰ বিষয়টো যিদৰে উত্থাপন কৰি আছিল, ঝাৰখণ্ডৰ জনসাধাৰণেও একমত হ'ব নোৱাৰিলে ।’’ তেওঁ কয় ৷

Maharashtra Jharkhand Results Live Update
CPI ৰ নেতা ডি ৰাজা (ANI)

1:16 PM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰ : এক হে ত’ ছেফ হে, মোদী থাকিলে সকলো সম্ভৱ - এইদৰে কয় দেৱেন্দ্ৰ ফাদনবিছে

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে টুইটাৰযোগে হিন্দীত লিখিছে, ‘‘একতা থাকিলে সকলো নিৰাপদ, মোদী থাকিলে সকলো সম্ভৱ (एक हे तो सेफ है ! मोदी ही तो मुमकिन है !) ৷’’

12:51 PM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰ : দেৱেন্দ্ৰ ফাদনবিছ, অজিত পাৱাৰক অমিত শ্বাহৰ অভিনন্দন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু দেৱেন্দ্ৰ ফাদনবিছৰ সৈতে বাৰ্তালাপ কৰে ৷ লগতে তিনিও অভিনন্দন জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।

12:42 PM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰ : তিনিও দলে একেলগে বহি সিদ্ধান্ত ল’ব : পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত একনাথ সিন্দেৰ মন্তব্য়

"মই মহাৰাষ্ট্ৰৰ ভোটাৰক ধন্যবাদ জনাইছো কাৰণ ই এক অদ্ভূতপূৰ্ব জয় । মই কৈছিলো যে মহাযুতিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু সেয়েহে মই সমাজৰ সকলো শ্ৰেণীৰ লোককে ধন্যবাদ জনাইছো । যোৱা ২.৫ বছৰত মহাযুতিয়ে কৰা কামৰ মানুহে শলাগ লৈছে ।’’ এই মন্তব্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ মুৰব্বী একনাথ সিন্দেৰ ।

‘‘চূড়ান্ত ফলাফল আহক... তেতিয়া আমি একেলগে নিৰ্বাচন যুঁজ দিয়াৰ দৰে তিনিওটা দলে একেলগে বহি সিদ্ধান্ত ল’ব ৷’’ একনাথ সুিন্দে কয় ।

12:27 PM, 23 Nov 2024 (IST)

ঝাৰখণ্ড : JMM নেতৃত্বাধীন ইণ্ডিয়া ব্লক ৫০ খন আসনত, NDA ৩০ খন আসনত আগবাঢ়িছে

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ঝাৰখণ্ডৰ ৮১খন বিধানসভাৰ আসনৰ ভিতৰত JMM নেতৃত্বাধীন INDIA ব্লক ৫০খন আসনত আগবাঢ়ি আছে ৷ আনহাতে NDA ৩০খন আসনত আগবাঢ়ি আছে । পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনা দুপৰীয়ালৈকে – JMM ৩০খন, কংগ্ৰেছ ১৪খন মিত্ৰজুটৰ ৬খন আৰু NDA ৩০খন আসনত আগবাঢ়ি আছে ।

বৰহেত বিধানসভা সমষ্টিত বিজেপিৰ গামলিল হেমব্ৰমক লৈ তৃতীয় ৰাউণ্ডৰ গণনাৰ অন্তত ৮২০২ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছিল মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ । চতুৰ্থ ৰাউণ্ডৰ পাছত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পত্নী তথা JMM ৰ বিধায়িকা কল্পনা ছোৰেণে বিজেপিৰ মুনিয়া দেৱীক ৩০১৯ ভোটত পিছ পৰি আছিল । দ্বিতীয় ৰাউণ্ডৰ গণনাৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডীয়ে চিপিআইএমএলৰ ৰাজকুমাৰ যাদৱ ৮৭২০ ভোটত আগবাঢ়ি আছে ।

12:09 PM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰ : ৱাডালাৰ পৰা বিজেপিৰ কালিদাস কোলাম্বকাৰৰ জয়

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমটো ফলাফল ঘোষণা কৰা হৈছে ৷ বিজেপিৰ কালিদাস নীলকান্ত কোলাম্বকাৰৰ ৱাডালা আসনৰ পৰা জয়ী হৈছে ৷

11:28 AM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰ : অজিত পাৱাৰৰ সমৰ্থকসকলৰ মাজত আনন্দৰ লহৰ

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ মুৰব্বী অজিত পাৱাৰৰ সমৰ্থকসকলে বাৰামাটিৰ গণনা কেন্দ্ৰৰ বাহিৰত ফটকা ফুটাই আনন্দ কৰা দেখা গৈছে ৷

11:18 AM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰ : সঞ্জয় ৰাউতে কয় যে ক’ৰবাত কিবা এটা গোলমাল হৈছে

মহাৰাষ্ট্ৰৰ আধাতকৈ অধিক আসন মহাযুতিয়ে জয় কৰাৰ পিছত শিৱসেনাৰ ইউ বি টি নেতা সঞ্জয় ৰাউতে কয়, "তেওঁলোকে 'মেছ আপ' কৰিছে, আমাৰ কিছু আসন চুৰি কৰিছে ৷ এয়া ৰাইজৰ সিদ্ধান্ত হ'ব নোৱাৰে ।"

11:17 AM, 23 Nov 2024 (IST)

ঝাৰখণ্ড : হেমন্ত ছোৰেণৰ পত্নী কল্পনা ছোৰেণ ৩১২৮ ভোটত পিছ পৰি আছে

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ১/২১ ৰাউণ্ডৰ গণনাৰ অন্তত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ পত্নী কল্পনা ছোৰেণ আৰু গাণ্ডে বিধানসভাৰ জেএমএমৰ প্ৰাৰ্থী ৩১২৮টা ভোটৰ ব্যৱধানত পিছ পৰি আছে । নিৰ্বাচন আয়োগৰ চৰকাৰী ধাৰা অনুসৰি, JMM নেতৃত্বাধীন গ্ৰেণ্ড মিত্ৰজোঁটে ৰাজ্যখনত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰি বৰ্তমান ৮১খন আসনৰ ভিতৰত ৫১খন আসনত আগবাঢ়ি আছে ।

11:00 AM, 23 Nov 2024 (IST)

শ্বেহজাদ পুনাৱালাই কয়, ‘‘মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে সাজু NDA’’

বিজেপি নেতা শ্বেহজাদ পুনাৱালাই কয় যে এতিয়াও ফলাফল আহি আছে আৰু NDA-এ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিপুল সংখ্যাগৰিষ্ঠতাৰে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে ৷ ঝাৰখণ্ডতো আমি আশাবাদী যে ৰাইজে JMM ক উভালি পেলাব ।’’

10:49 AM, 23 Nov 2024 (IST)

১৪৫ ৰ সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিলে মহাযুতিয়ে

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য মতে, পুৱা ১০ বজাত বিজেপি নেতৃত্বাধীন মহাযুতি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰি এতিয়ালৈকে ১৭২ খন আসনত আগবাঢ়ি আছে, আনহাতে বিৰোধী MVA মিত্ৰজোঁট ৪৭ খন আসনেৰে পিছ পৰি আছে । প্ৰাথমিক ফলাফল অনুসৰি একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাই ৫৩ খন আসনত, NCP ৩৩খন আসনত আৰু বিজেপিয়ে সৰ্বাধিক ১০০খন আসনত আগবাঢ়ি আছে ৷ আনহাতে মহাযুতি মিত্ৰজোঁট দলে এখন আসনতে আছে ।

ইফালে মহা বিকাশ আঘাদী (Maha Vikas Aghadi চমুকৈ MVA))ত জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টী - শাৰদচন্দ্ৰ পাৱাৰ (NCP-SP) ১২খন, কংগ্ৰেছ ১৭খন আৰু ইউবিটি সেনাই (UBT Sena) ১৮খন আসনত আগবাঢ়ি আছে । আঘাদী মিত্ৰজোঁটৰ (Aghadi alliance) অংশ সমাজবাদী পাৰ্টীয়ে লাভ কৰিছে ২ খন আসন ।

10:32 AM, 23 Nov 2024 (IST)

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ ২,৮১২ ভোটত আগবাঢ়ি আছে

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে বৰহেট বিধানসভা সমষ্টিত বিজেপিৰ গামলিল হেমব্ৰমতকৈ ২৮১২টা ভোটত আগবাঢ়ি আছে । ২০১৯ চনত ছোৰেণে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল – বৰহাইট আৰু ডুমকা আৰু দুয়োখন আসনত ক্ৰমে ২৫,৭৪০টা আৰু ১৩,১৮৮টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল । পিছত তেওঁ ডুমকা আসনখন এৰি দিয়ে, য’ৰ পৰা তেওঁৰ ভাতৃ বসন্ত ছোৰেণে উপ-নিৰ্বাচনত নিৰ্বাচিত হয় । ৩১ জানুৱাৰীত ধন সৰবৰাহৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ কিছু সময়ৰ পূৰ্বে ছোৰেণে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল ।

উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ অন্তত ২৮ জুনত তেওঁক জেলৰ পৰা মুকলি কৰি দিয়া হয় । ৩ জুলাইত JMM ৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হয় । ইয়াৰ পাছতে চম্পাই ছোৰেণে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ পত্ৰ ৰাজ্যপালৰ ওচৰত দাখিল কৰি হেমন্ত ছোৰেণক তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি কৰি দিয়ে ।

9:55 AM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ভোটগণনা 2024 Live Update : ৪ হাজাৰ ভোটত আগবাঢ়ি মুখ্যমন্ত্ৰী একনাথ সিন্দে

নিৰ্বাচনী বিষয়াই উল্লেখ কৰা মতে, কাৰাড দক্ষিণৰ বিধানসভাৰ আসনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৱন ১৫৯০ টা ভোটত পিছ পৰি আছে ৷ ইফালে প্ৰথম ৰাউণ্ডৰ অন্তত কোপৰি-পাচপাখাদী বিধানসভাৰ আসনৰ পৰা ৪ হাজাৰৰো অধিক ভোটত আগবাঢ়ি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে ৷

9:38 AM, 23 Nov 2024 (IST)

ঝাৰখণ্ডৰ নিৰ্বাচনৰ ভোটগণনা 2024 Live Update : ২৫খন আসনত BJP ৰ অগ্ৰগতি, ১০খন আসনত JMM

টিভি চেনেলসমূহে প্ৰকাশ কৰা অনুসৰি ঝাৰখণ্ডৰ ৮১ খন বিধানসভা আসনৰ ভিতৰত ২৫ খন আসনত বিজেপিয়ে আগবাঢ়ি থকাৰ বিপৰীতে ১০খন আসনত JMM আগবাঢ়ি আছে ।

নিৰ্বাচন আয়োগে অৱশ্যে এতিয়ালৈকে নিজৰ ৱেবছাইটত কোনো ধৰণৰ ধাৰা প্ৰকাশ কৰা নাই । ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত প্ৰথম ৰাউণ্ডত ৪৩খন আসন আৰু দ্বিতীয় ৰাউণ্ডত ৩৮খন আসন নিৰ্বাচনলৈ গৈছিল । (PTI)

9:20 AM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ভোটগণনাৰ ফলাফল ২০২৪

আজি মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে ছাত্ৰপতি সম্ভাজিনগৰত প্ৰশাসনে বিজয় শোভাযাত্ৰা নিষিদ্ধ কৰিছে । শুকুৰবাৰে অৰ্থাৎ ভোটগণনাৰ এদিন পূৰ্বে জিলা উপায়ুক্ত দিলীপ স্বামীয়ে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত প্ৰকাশ পোৱা এক ভিডিঅ’ বাৰ্তাত স্বামীয়ে কয়, "মই জিলাখনৰ গ্ৰাম্য অঞ্চলৰ লগতে মহানগৰীৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে কথা পাতিছো । ফলাফল ওলাই গ'লে পৰিস্থিতি অলপ উত্তেজিত হৈ পৰে । সেয়েহে আইন-শৃংখলাজনিত কাৰণত আমি ফলাফলৰ দিনটোত কোনো ধৰণৰ বিজয় শোভাযাত্ৰা কৰিবলৈ দিয়া নাই ।’’’

"যেতিয়া সকলো শান্তিপূৰ্ণ হ'ব তেতিয়া আমি শোভাযাত্ৰাৰ অনুমতি দিম । সেই অনুসৰি আমি নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছো ।" তেওঁ কয় ৷

9:08 AM, 23 Nov 2024 (IST)

ঝাৰখণ্ড নিৰ্বাচনৰ ফলাফল লাইভ আপডেট: চলি আছে ভোটগণনা

নিৰ্বাচন আয়োগৰ বিষয়াসকলে জনোৱা মতে, শনিবাৰে পুৱা ৮ বজাৰ পৰা ঝাৰখণ্ডৰ ৮১টা বিধানসভা সমষ্টিৰ ভোটগণনা আৰম্ভ হৈছে । ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত প্ৰথম ৰাউণ্ডৰ নিৰ্বাচনত ৪৩টা সমষ্টি সামৰি লোৱাৰ বিপৰীতে দ্বিতীয় আৰু অন্তিম পৰ্যায়ত ৩৮খন আসনত ভোটদান কৰা হয় ।

সংবাদ সংস্থা ANI ৰ আগত এজন বিষয়াই কয়, "২৪টা কেন্দ্ৰতে পুৱা ৮ বজাৰ পৰা গণনা আৰম্ভ হৈছে । প্ৰথমে পোষ্টেল বেলট প্ৰথমে গণনা কৰা হৈছে । EVM ত দিয়া ভোটগণনা পুৱা ৮.৩০ বজাৰ পৰা আৰম্ভ হৈছে ৷ পুৱা ৯.৩০ বজাৰ ভিতৰত প্ৰথম ৰাউণ্ডৰ গণনা ঘোষণা কৰা হ'ব ।"

8:25 AM, 23 Nov 2024 (IST)

বিজেপিৰ মুখ্য কাৰ্যালয়ত বনোৱা হৈছে মিঠাই

পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড নিৰ্বাচনৰ ভোটগণনা ৷ ভোটগণনাৰ দিনাৰ পুৱাৰে পৰা দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰস্তুত কৰি থকা হৈছে মিঠাই ।

7:59 AM, 23 Nov 2024 (IST)

মহাৰাষ্ট্ৰ-ঝাৰখণ্ডৰ সামগ্ৰিক ৰাজনৈতিক পৰিৱেশ

ঝাৰখণ্ড : ৰাজ্যখনত শাসকীয় JMM (Jharkhand Mukti Morcha) নেতৃত্বাধীন INDIA ব্লক আৰু বিজেপি নেতৃত্বাধীন NDA ৰ মাজত হৈছিল এই তীব্ৰ নিৰ্বাচনী যুদ্ধ ৷ JMM-এ ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছিল আৰু NDA-এ শাসকীয় ক্ষমতা কাঢ়ি নিজৰ হাতলৈ আহিবলৈ যৎপোৰনাষ্টি চেষ্টা কৰিছিল ।

১৩ আৰু ২০ নৱেম্বৰত- এই নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । প্ৰথম পৰ্যায়ত মুঠ ৮১খন আসনৰ ভিতৰত ৪৩ টা সমষ্টি সামৰি লোৱা হৈছিল ৷ আনহাতে দ্বিতীয় পৰ্যায়ত ৩৮খন আসনত ভোটদান কৰা হৈছিল । ২০০০ চনৰ ১৫ নৱেম্বৰত ৰাজ্যখন গঠন হোৱাৰ পিছত ৰাজ্যখনত ভোটাৰৰ হাৰ অভিলেখ সৃষ্টি কৰিছে ৬৭.৭৪ শতাংশ ।

একাংশ Exit Polls ত বিজেপি নেতৃত্বাধীন NDA-ও শাসকীয় JMM নেতৃত্বাধীন মিত্ৰজোঁটক উৎখাত কৰাৰ সম্ভাৱনা আছে বুলি ভৱিষ্যদ্বাণী কৰা হৈছে ৷

মহাৰাষ্ট্ৰ : প্ৰায়বোৰ Exit Polls-এ বিজেপি নেতৃত্বাধীন মহাযুতি(Maha Yuti) মিত্ৰজোঁটৰ জয়ৰ ভৱিষ্যদ্বাণী কৰিলেও তিনিটাৰ পৰা অনুমান কৰা হৈছে যে মহাৰাষ্ট্ৰত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে মহাযুটিয়েও নিৰ্ণায়ক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিব । ২০ নৱেম্বৰত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত চূড়ান্ত ভোটদানৰ হাৰ ৬৬.০৫ শতাংশ আছিল, যিটো ২০১৯ চনত ৬১.১ শতাংশৰ তুলনাত বৃদ্ধি পাইছে ।

২০ নৱেম্বৰত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে শাসক আৰু বিৰোধী দলে দাবী কৰিবলৈ আৰম্ভ কৰে যে ২৩ নৱেম্বৰৰ ভোটগণনাৰ পিছত সকলো তেওঁলোকৰ পক্ষত হ’ব । ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী নানা পাটোলে তেওঁৰ দলৰ নেতৃত্বত মহাৰাষ্ট্ৰত গঠন হ’ব বুলি দাবী কৰে । তেওঁৰ এই মন্তব্য মিত্ৰ শিৱসেনা (UBT)ৰ সৈতে ভাল নহ’ল, যাৰ নেতা সঞ্জয় ৰাউটে MVA সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ মুখখন সকলো মিত্ৰজোঁটৰ অংশীদাৰে যৌথভাৱে সিদ্ধান্ত ল’ব বুলি দাবী কৰে ।

বিজেপি নেতা প্ৰবীণ ডাৰ্কেকাৰৰ ক্ষেত্ৰত তেওঁ শীৰ্ষ পদৰ বাবে উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছক পোষকতা কৰিছিল । NCP ৰ নেতা অমোল মিতকাৰীয়ে এই আকাংক্ষিত পদটোৰ বাবে নিজৰ দলৰ মুৰব্বী আৰু উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ নাম আগবঢ়াইছিল । মুখ্যমন্ত্ৰীৰ আসনৰ বিষয়ে সোধাত ফাডনাভিছে কয় যে তিনিওটা মহাযুটি দলে একেলগে বহি “ভাল সিদ্ধান্ত” ল’ব ।

Last Updated : Nov 23, 2024, 5:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.