ETV Bharat / city

জাতি ৰক্ষাৰ স্বাৰ্থত দল সংগঠনৰ ৰণহুংকাৰ

author img

By

Published : Dec 7, 2019, 10:33 PM IST

শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি গুৱাহাটী ক্লাৱৰ পৰা উলিওৱা হয় বিধেয়ক বিৰোধী জোৰ সমদল । বুদ্ধিজীৱী হীৰেন গোহাঁইৰ নেতৃত্বত উলিওৱা এই জোৰ সমদলত একত্ৰিত হয় বিধেয়ক বিৰোধী ৰাজনৈতিক দল, বুদ্ধিজীৱী, সাহিত্যিক, বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত শিল্পী সকল । গুৱাহাটী ক্লাৱৰ পৰা চান্দমাৰীলৈ উলিওৱা এই সমদলত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অংশগ্ৰহণ কৰে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া ।

দল সংগঠনৰ ৰণহুংকাৰ
দল সংগঠনৰ ৰণহুংকাৰ

নিউজ ডেস্ক, 7 ডিচেম্বৰ: আগত 10 ডিচেম্বৰ , শদিয়াৰ পৰা ধুবুৰী লৈ কেৱল এক কথা "আমি কেব নামানো" ৷ শনিবাৰেও ৰাজ্যৰ প্ৰতিখন জিলাত দেখা পোৱা গ'ল কেৱল কেব বিৰোধী প্ৰতিবাদৰ দৃশ্য ৷ শনিবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাই অসম অৰুণাচল সীমান্ত ডিৰাক গেটৰ পৰা তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়লৈ কেব বাতিলৰ দাবীত মটৰ চাইকেল ৰেলী উলিয়াই শাসনাধিষ্ঠিত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ ইয়াৰোপৰি কেব বাতিল নকৰিলে ৰাজ্যত হ'বলগীয়া ভয়ংকৰ আন্দোলনৰ বাবে চৰকাৰক সাজু থাকিবলৈ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে । লগতে 9 ডিচেম্বৰত 12 ঘন্টীয়া অসম বন্ধৰ ঘোষণা কৰে সদৌ মৰাণ ছাত্ৰ সন্থাই ৷ এই ক্ষেত্ৰত পিচপৰি নৰ'ল তিনিচুকীয়াৰ উকীল সন্থা ৷ বিধেয়কৰ বিৰোধীতা কৰি তিনিচুকীয়াৰ সত্ৰ ন্যায়লয়ৰ পৰা প্ৰায় দুই শতাধিক অধিবক্তাই সমদল ওলিয়াই উত্তাল কৰি তোলে জিলাখন ৷ সমান্তৰালকৈ আছুৰ আহ্বানত বিধেয়ক বাতিলৰ দাবীত বৰপেটাৰ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সৰভোগৰ বিভিন্ন অঞ্চলত বাইক ৰেলী উলিওৱা হয় ৷

মৰাণ, তিনিচুকীয়া, বৰপেটা

আনহাতে মৰিগাঁৱত চতুৰ্থ দিনাও অব্যাহত বিধেয়ক বিৰোধী প্ৰতিবাদ ৷ শনিবাৰে মৰিগাঁৱৰ , এজাৰবাৰী ভূৰাগাঁও, মানিপুৰ চহৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভূৰাগাঁও আঞ্চলিকে বিধেয়কখন দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিধেয়কখন আইনত পৰিণত হ'লে গণতান্ত্ৰিকভাৱে জংগী আন্দোলন গঢ়ি তোলাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে । সমান্তৰালকৈ মহানগৰীত বীৰ লাচিত সেনায়ো তীব্ৰতৰ কৰি তুলিছে বিধেয়ক বিৰোধী প্ৰতিবাদ ৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদকো কেব সমৰ্থন কৰাৰ বাবে তীব্ৰ ভাষাৰে সমালোচনা কৰে বীৰ লাচিত সেনাই ৷

মৰিগাঁও,গুৱাহাটী,গোলাঘাট,মাজুলী

আনহাতে অসমৰ জাতীয় সংগঠন সমূহৰ বিৰুদ্ধে কটূ মন্তব্য কৰা বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিকৃতি দাহ কৰে গোলাঘাট অসম জাতীয়তাবাদী যুৱ পৰিষদ ৰঙাজান আঞ্চলিক সমিতিয়ে ৷ সংগঠনটোৰ নেতৃত্বই মৃণাল শইকীয়াক আৰ এচ এচৰ ভৃত্য বুলি সম্বোধণ কৰি ব্যক্তিগত ৰাজনৈতিক লাভালাভৰ বাবে জাতীয় সংগঠন সমূহক সমালোচনা নকৰিবলৈ সোৱঁৰাই দিয়ে ৷ কেব বিৰোধী এই আন্দোলনত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত মাজুলীত একে লগে জ্বলিল অসম চৰকাৰ পাঁচ মন্ত্ৰীৰ পুত্তলিকা । অতুল বৰা, হিমন্ত বিশ্ব, মুখ্যমন্ত্ৰী, কেশৱ মহন্তৰ লগতে ফণীভূষণৰ পুত্তলিকা জ্বলাই ৰাজপথ উত্তাল কৰি তুলিলে খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিবাসীয়ে ৷

CAB PROTEST
দল সংগঠনৰ ৰণহুংকাৰ

শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি গুৱাহাটী ক্লাৱৰ পৰা উলিওৱা হয় বিধেয়ক বিৰোধী জোৰ সমদল । বুদ্ধিজীৱী হীৰেন গোহাঁইৰ নেতৃত্বত উলিওৱা এই জোৰ সমদলত একত্ৰিত হয় বিধেয়ক বিৰোধী ৰাজনৈতিক দল, বুদ্ধিজীৱী, সাহিত্যিক, বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত শিল্পী সকল । গুৱাহাটী ক্লাৱৰ পৰা চান্দমাৰীলৈ উলিওৱা এই সমদলত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অংশগ্ৰহণ কৰে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া

গুৱাহাটী ক্লাৱৰ পৰা চান্দমাৰীলৈ

লগতে পঢ়ক: ছট্টিছগড়ত গণ ধৰ্ষণৰ বলি মুম্বাইৰ নৃত্যশিল্পী

Intro:কেব বিৰুদ্ধে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিৰবিচ্ছিন্ন প্ৰতিবাদ

মুখ্যমন্ত্ৰী সমষ্টিত মুখ্যমন্ত্ৰী ৰ পুতলিকা জ্বলালে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

মাজুলীত একে লগে জ্বলিল অসম চৰকাৰ পাঁচ মন্ত্ৰীৰ পুতলিকা ।

অতুল ,হিমন্ত ,সৰ্বা ,কেশৱ, ফণী , ৰাজপথত জ্বলিল পুতলিকা ।

আগন্তুক দিনত ভয়াবহ হব কেব বিৰোধী প্ৰতিবাদ।Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.