ETV Bharat / city

গুৱাহাটীত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

author img

By

Published : May 29, 2020, 4:23 PM IST

গুৱাহাটীত কিছু হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ সতৰ্ক সীমাৰ তললৈ নামি আহিছে ব্ৰহ্মপুত্ৰৰ পানী ।

গুৱাহাটীত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ
গুৱাহাটীত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

গুৱাহাটী, 29 মে' : গুৱাহাটী মহানগৰীত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । শুকুৰবাৰে ১ ছেন্টিমিটাৰ হ্ৰাস হৈ সতৰ্ক সীমাৰ তললৈ নামি আহিছে ব্ৰহ্মপুত্ৰৰ পানী ।

গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ যোৱা কিছুদিন ধৰি দ্ৰুতগতিত বৃদ্ধি পাই আছিল । বৰ্তমান মহানগৰীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্থৰ ৪৮.৮৪ ছেন্টিমিটাৰত আছে যদিও বৃহস্পতিবাৰৰ তুলনাত আজি ১ ছেন্টিমিটাৰ হ্ৰাস পাইছে মহানগৰীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । মহানগৰী গুৱাহাটীত যোৱা ১৬ মে'ৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পাই আছিল যদিও বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাৰ পৰা নদীৰ পানী হ্ৰাস হয় আৰু শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা পানী হ্ৰাস পাবলৈ ধৰে ।

কেন্দ্ৰীয় জল আয়োগৰ কৰ্মীয়ে জানিবলৈ দিয়া মতে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধিৰ হাৰ হ্ৰাস পোৱাত ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে । ইফালে কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজিৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলা ফেৰী সেৱা বন্ধ কৰিছে ।

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.