ETV Bharat / city

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' মুকলি

author img

By

Published : Mar 23, 2021, 1:29 PM IST

বিজেপিৰ সংকল্প পত্ৰত পাঁচ বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা আছে ৷ বিগত পাঁচ বছৰত বিজেপি চৰকাৰে অসমৰ সৰ্বাংগীন উন্নয়ন কৰিবলৈ সক্ষম হৈছে ৷ জাতি-মাটি-ভেটি ৰক্ষাৰ লক্ষ্যত আমি উপনীত হৈছো ৷ অসমৰ সংস্কৃতি-সভ্যতা ৰক্ষা কৰাটো আমাৰ সংকল্প ৷ ৰাজ্যখনৰ গতিশীল উন্নয়নক আৰু অধিক আগুৱাই নিয়াৰ বাবে আমি সাজু হৈছো ৷ 10 টা সংকল্পৰে মঙলবাৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' মুকলি
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' মুকলি

গুৱাহাটী, 23 মাৰ্চ : 10 টা সংকল্পৰে মঙলবাৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত আয়োজন কৰা বিয়াগোম অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' উন্মোচন কৰি নাড্ডাই কয়-'বিজেপিৰ সংকল্প পত্ৰত পাঁচ বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা আছে ৷ বিগত পাঁচ বছৰত বিজেপি চৰকাৰে অসমৰ সৰ্বাংগীন উন্নয়ন কৰিবলৈ সক্ষম হৈছে ৷ জাতি-মাটি-ভেটি ৰক্ষাৰ লক্ষ্যত আমি উপনীত হৈছো ৷ অসমৰ সংস্কৃতি-সভ্যতা ৰক্ষা কৰাটো আমাৰ সংকল্প ৷ ৰাজ্যখনৰ গতিশীল উন্নয়নক আৰু অধিক আগুৱাই নিয়াৰ বাবে আমি সাজু হৈছো ৷ আমি প্ৰধানকৈ 10 টা সংকল্পৰ কথা কৈছো ৷ ইয়াৰ ভিতৰত অসমৰ জনগণক বানপানীৰ বিভীষিকাৰ পৰা ৰক্ষা কৰাৰ বাবে 'মিছন ব্ৰক্ষ্মপুত্ৰ' আৰম্ভ কৰিম ৷ বিজ্ঞানসন্মতভাৱে বানপানীৰ সমস্যাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷ অতিৰিক্ত পানী সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা হ'ব বিশাল জলধাৰা ৷ সেইদৰে অৰুণোদয় আঁচনিৰ মাহিলী ৰাশি তিনি হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰা হ'ব ৷ নামঘৰ আৰু সত্ৰসমূহক বেদখল মুক্ত কৰি উন্নয়ণৰ বাবে আঢ়ৈ লাখকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব ৷ স্কুলীয়া শিক্ষাব্যৱস্থা সুচল কৰিবলৈ অষ্টম শ্ৰেণীৰ পৰা সকলো বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল প্ৰদান কৰা হ'ব ৷ সেইদৰে সংশোধিত ৰাষ্ট্ৰীয় নাগৰিপঞ্জীৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰা হ'ব ৷ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষিত কৰি তোলা হ'ব ৷' অসম আহাৰ আত্মনিৰ্ভৰতা আঁচনি'ৰ যোগেদি অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনেৰে অসমক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা হ'ব ৷ তদুপৰি আমাৰ চৰকাৰে 2 লাখ চাকৰি দিব আৰু 2022ৰ 31 মাৰ্চৰ ভিতৰত 1 লাখ চৰকাৰী চাকৰি দিয়া হ'ব ৷ ব্যক্তিগত খণ্ডত 8 লাখ চাকৰিৰ ব্যৱস্থা কৰা হ'ব ৷ সেইদৰে 'স্বয়ম' আঁচনিৰ যোগেদি 10 লাখ যুৱ উদ্যমী সৃষ্টি কৰা হ'ব আৰু পাঁচ বছৰত দুই লাখ যুৱকক প্ৰতিবছৰে সহযোগিতা আগবঢ়োৱা হ'ব ৷

আনহাতে, দহ নম্বৰ সংকল্পত অসমৰ সকলো ভূমিহীন ভাৰতীয় নাগৰিকক আমি পৰ্যায়ক্ৰমে ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰিম ৷ আগন্তুক পাঁচ বছৰত অসমৰ সৰ্বাংগীন বিকাশৰ বাবে সকলো দিশতে গুৰুত্ব দিয়া হৈছে ৷ বিগত পাঁচ বছৰত আমি বিকাশৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছো ৷ সেই বিকাশক বৃহৎ উন্নয়নেৰে আগুৱাই নিবলৈ ‍আমি প্ৰস্তুত হৈছো ৷ আগন্তুক পাঁচ বছৰত আমি এক নতুন দিগন্তৰ দিশে আগুৱাই যাম ৷' বিজেপিৰ সংকল্প পত্ৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, কেন্দ্ৰীয় কৃষিমন্ত্ৰী তথা বিজেপিৰ অসম প্ৰদেশৰ নিৰ্বাচন প্ৰভাৰী নৰেন্দ্ৰ সিং টোমৰ, ড'নাৰ মন্ত্ৰী তথা বিজেপি অসম প্ৰদেশৰ সহ-নিৰ্বাচন প্ৰভাৰী ডাঃ জিতেন্দ্ৰ সিং, দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, জেষ্ঠ নেতা নাৰায়ণ বৰকটকী প্ৰমুখ্যে দলৰ ৰাষ্ট্ৰীয় আৰু ৰ‍জ্যিক পৰ্যায়ৰ ভালেসংখ্যক নেতা উপস্থিত আছিল ৷

উল্লেখ্য যে, কংগ্ৰেছে পাঁচটা গেৰাণ্টিৰ কথা ঘোষণা কৰাৰ বিপৰীতে বিজেপিয়ে 10 টা সংকল্পৰ কথা ঘোষণা কৰিছে ৷

লগতে পঢ়ক : তিনিচুকীয়াত ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদবৰ নিৰ্বাচনী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.