গুৱাহাটী,3 মাৰ্চ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলি কংগ্ৰেছে দাবী কৰাৰ পাচতে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসকীয় বিজেপি দলে । বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই কয় যে, মুখ্যমন্ত্ৰী সোণোৱালে চৰকাৰী গৃহতে থকাটো নিয়ম ৷ মন্ত্ৰী, বিধায়কসকল যিদৰে চৰকাৰী আৱাসত থাকে তেনেকৈ মুখ্যমন্ত্ৰীও চৰকাৰী ঘৰত থকাত কোনো বাধা নাই ।
উল্লেখ্য যে, মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বাস কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলি কংগ্ৰেছ কমিতিৰ আইন কোষৰ অধ্যক্ষ নিৰন বৰাই অসমৰ মুখ্য নিৰ্বাচন বিষয়া নিতিন খাড়েলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ৷
মন কৰিবলগীয়া যে, মঙলবাৰে ৰাজ্যিক নিৰ্বাচনী বিষয়াই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ বাবে আয়োজন কৰা সংবাদমেলত এই বিষয়ে তেওঁক প্ৰশ্ন কৰা হৈছিল যদিও কোনো ধৰণৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে মুখ্য নিৰ্বাচনী বিষয়াগৰাকী ।
লগতে পঢ়ক : গ্ৰীণউড ৰিজৰ্টত কংগ্ৰেছৰ নিৰ্বাচন কমিটীৰ প্ৰথমখন বৈঠক