নিউজ ডেস্ক, 12 জানুৱাৰী : ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰকাশ নাড্ডাই দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে ৷ সোমবাৰে শিলচৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ পিচতেই নিশাই তেখেতে গুৱাহাটীত উপস্থিত হয় ৷
গুৱাহাটীত উপস্থিত হৈ নিশাই তেখেতে আমিনগাঁৱস্থিত লোকনিৰ্মাণ বিভাগৰ অতিথিশালাত ৰাজ্যিক বিজেপি শীৰ্ষ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ আগন্তুক অসম বিধানসভা নিৰ্বাচন সন্দৰ্ভত নাড্ডাই ৰাজ্যৰ বিজেপি নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয় ৷
লগতে পঢ়ক : গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
আনহাতে মঙলবাৰে দিনৰ ভাগত সপত্নীক মা কামাখ্যা দেৱালয় দৰ্শন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে ৷ নীলাচলৰ বুকুত থকা মা কামাখ্যা দেৱালয় দৰ্শন কৰাৰ লগতে মাৰ আশীৰ্বাদ গ্ৰহণ কৰে নাড্ডাই ৷ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীক তেওঁৰ এই ভ্ৰমণত সংগ দিয়ে পত্নী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷
মা-কামাখ্যা দেৱালয় দৰ্শন কৰি টুইটযোগে এই কথা প্ৰকাশ কৰিছে নাড্ডাই ৷ মা-কামাখ্যাৰ ওচৰত শিৰনত কৰি আশীৰ্বাদ লোৱাৰ লগতে পূজা-অৰ্চনাৰে সকলোৰে কল্যান কামনা কৰাৰ উপৰিও অসমবাসীৰ সুখ, সম্বৃদ্ধি, উন্নতি আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰে বুলি টুইটটোত উল্লেখ কৰে নাড্ডাই ৷
লগতে পঢ়ক : শিলচৰত বিজয় সংকল্প সভাত অংশগ্ৰহণ জে পি নাড্ডাৰ