ETV Bharat / city

ছেপ্টেম্বৰত ঘোষণা হ'ব বিজেপিৰ 100 দিনীয়া কাৰ্যসূচী

author img

By

Published : Aug 28, 2020, 11:56 AM IST

2021ৰ বিধানসভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি কঁকালত টঙালি বান্ধিছে বিজেপিয়ে । নৱগঠিত ৰাজ্যিক বিষয়ববীয়াৰ সভাত বৃহস্পতিবাৰে নিৰ্বাচনকেন্দ্ৰিক কৰ্মসূচী প্ৰস্তুত কৰিবলৈ ৰাজ্যিক সমিতিক নিৰ্দেশ দিলে দলৰ কেন্দ্ৰীয় নেতৃত্বই । অহা 4 ছেপ্টেম্বৰত ঘোষণা হ'ব দলৰ 100 দিনীয়া কাৰ্যসূচী ।

ছেপ্টেম্বৰত ঘোষণা হ'ব বিজেপিৰ 100 দিনীয়া কাৰ্যসূচী
ছেপ্টেম্বৰত ঘোষণা হ'ব বিজেপিৰ 100 দিনীয়া কাৰ্যসূচী

গুৱাহাটী, 28 আগষ্ট : বিৰোধী দলত অন্তৰ্কন্দলে সমস্যাৰ সৃষ্টি কৰাৰ সময়তে 2021ৰ বিধানসভা নিৰ্বাচনত বিজয়ধ্বজ্জা উৰুৱাবলৈ ৰণনীতি প্ৰস্তুত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে । দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশৰ পিছতে অধিক সক্ৰিয় হৈ পৰিছে বিজেপিৰ ৰাজ্যিক সমিতি । 27আগষ্টত অসম প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ।

দলটোৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে ৰাজ্যিক বিষয়বৱীয়াৰে হোৱা এই বৈঠকত অতি শীঘ্ৰে নিৰ্বাচনকেন্দ্ৰিক কৰ্মসূচী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে । অহা 4ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব নৱগঠিত প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা । এই সভাতে নিৰ্বাচনকেন্দ্ৰিক 100দিনীয়া কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰিব বিজেপিয়ে ।

আনহাতে 'সেৱা সপ্তাহ' হিচাপে অহা 14ছেপ্টেম্বৰৰ পৰা 20ছেপ্টেম্বৰলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি সন্মান জনাই গান্ধী জয়ন্তী উপলক্ষে অহা 25ছেপ্টেম্বৰৰ পৰা 2অক্টোবৰলৈ 'বি ভ'কেল ফ'ৰ লোকেল ডেন গ্ল'বেল' বিষয়ক লৈ ৰাজ্যৰ প্ৰতিখন জিলাত আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচী পালন কৰা হ'ব । জাতিৰ পিতাৰ ওপজা দিনটোত সকলো পৰ্যায়ৰ দলীয় কাৰ্যকৰ্তাকে স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ।

27আগষ্টত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক বিষয়বৱীয়াৰ বৈঠকত সম আনুগত্যই দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰে বুলি কৈ সকলো কৰ্মীকে এজনে আনজনৰ প্ৰতি সম আনুগত্য প্ৰদৰ্শনৰ বাবে আহ্বান জনায় দলটোৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে ।

লগতে পঢ়ক : এয়াৰটেলৰ উপভোক্তাসকলৰ বাবে দুঃখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.