ETV Bharat / city

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাবৰ বাবে নিৰ্বাচন আয়োগত আবেদন ৰাজ্যিক বিজেপিৰ

author img

By

Published : Mar 24, 2022, 8:48 PM IST

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন কিছু পিছুৱাই দিয়াৰ বাবে আহ্বান জনাই বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় পুলক গােহাঁই আৰু দিপ্লু ৰঞ্জন শৰ্মাই স্মাৰক পত্র দিলে ৰাজ্যিক নির্বাচনী আয়ােগক (BJP appeals EC to postpone GMC poll )। বিজেপিৰ নেতৃবর্গই গুৱাহাটী পৌৰ নিগম এলেকাধীন বহুকেইজন বিশিষ্ট ব্যক্তি তথা নিৰপেক্ষ জনতাৰ মতামত গ্রহণ কৰি লৈছে এই সিদ্ধান্ত ।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাবৰ বাবে নিৰ্বাচন আয়োগত আবেদন ৰাজ্যিক বিজেপিৰ

গুৱাহাটী, ২৪ মার্চ : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাবৰ বাবে আজি ৰাজ্যিক নিৰ্বাচন আয়োগত আবেদন জনাই ৰাজ্যিক বিজেপিয়ে (BJP appeals EC to postpone GMC poll )। উল্লেখ যে ৰাজ্যিক নিৰ্বাচন আয়োগে ব'হাগ বিহুৰ মাজতে গুৱাহাটী পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত কৰা দিন ঘোষণা কৰিছে (EC Announces GMC Poll Dates) । ঘোষণা কৰা অনুসৰি ১৯ এপ্ৰিলত নিৰ্বাচন আৰু ২১ এপ্ৰিলত ভোটগণনা অনুষ্ঠিত হ'ব ৷

বিহুৰ মাজতে নিৰ্বাচন অনুষ্ঠিত কৰাকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (GMC Poll during Bihu)। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে ইয়াকলৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন কিছু পিছুৱাই দিয়াৰ বাবে আহ্বান জনাই বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় পুলক গােহাঁই আৰু দিপ্লু ৰঞ্জন শৰ্মাই ৰাজ্যিক নির্বাচনী আয়ােগক এখন স্মাৰক পত্র প্রদান কৰে।

সংবাদ মাধ্যমৰ আগত দিপ্লু ৰঞ্জন শৰ্মাই কয় যে নির্বাচন আয়ােগে ঘােষণা কৰা ১৯ এপ্রিল দিনটো ৰঙালী বিহুৰ মাজভাগতে পৰাৰ কাৰণে গুৱাহাটী পৌৰ নিগম এলেকাধীন বৃহত্তৰ জনসাধাৰণে বিহু উদযাপন কৰােতে যাতে কোনাে ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু নির্বাচনতাে যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি আজি এই স্মাৰক পত্র প্রদান কৰা হৈছে ।

এইক্ষেত্ৰত বিজেপিৰ নেতৃবর্গই গুৱাহাটী পৌৰ নিগম এলেকাধীন বহুকেইজন বিশিষ্ট ব্যক্তি তথা নিৰপেক্ষ জনতাৰ মতামত গ্রহণ কৰি এই সিদ্ধান্ত লৈছে বুলি কয়। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰক স্মাৰক প্ৰদান কৰাৰ সময়ত বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি মৃগেন শৰণীয়া আৰু ৰাজ্যিক বিজেপিৰ নির্বাচনী কোষৰ আহ্বায়ক ধ্ৰুৱজ্যোতি ডাউকাই সাধাৰণ সম্পাদকদ্বয়ক সংগ দিয়ে।

লগতে পঢ়ক : অসম চুক্তি, NRC প্ৰসংগ : আছুৰে বৈঠক কেবিনেট উপ-সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.