কামৰূপ, 17 এপ্ৰিলঃ "জালুকবাৰীত ফেক্টৰেই নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পাঁচ বছৰত অসমৰ বাবে একোৱেই নকৰিলে মোডী চৰকাৰে।" বুধবাৰে কামাখ্যাত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য কৰে তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে। লগতে বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো কংগ্ৰেছে যথেষ্ট ভাল ফল দেখুৱাব বুলি মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে।
উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে কামাখ্যাত তিনিটাকৈ কংগ্ৰেছৰ বুথ কমিটি গঠন কৰি উৎফুল্লিত হৈ পৰে প্ৰাৰ্থী গৰাকী ৷ উন্নয়নৰ স্বাৰ্থত ৰাইজে এইবাৰ কংগ্ৰেছক আদৰি ল'ব বুলি এই বুথ গঠনেই প্ৰমাণ কৰে বুলি উল্লেখ কৰে তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে ।