ETV Bharat / city

গছৰ ৰসেৰে বেটাৰী তৈয়াৰ কৰি বাইহাটাৰ ছাত্ৰৰ চমক - baihata boy invention battery

বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী শিংৰা গাঁৱৰ প্ৰিয়মজ্যোতি দাস নামৰ এগৰাকী ছাত্ৰই গছৰ ৰসেৰে সাজি উলিয়ালে এটা বেটাৰী ৷ ডিষ্টিল্ড ৱাটাৰৰ সহায়ত নিৰ্মাণ কৰা ৩ ভ'ল্ট ক্ষমতাৰ এটা বিশেষ বেটাৰীটো প্ৰায় এহাজাৰ ঘণ্টা চলিব বুলি দাবী কৰিছে মেধা শক্তিৰ ছাত্ৰগৰাকীয়ে ৷

গছৰ ৰসেৰে বেটাৰী তৈয়াৰ কৰি বাইহাটাৰ ছাত্ৰৰ চমক

author img

By

Published : May 31, 2021, 8:10 PM IST

বাইহাটা, 31 মে': ক’ভিড আতংকৰ মাজতে বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী শিংৰা গাঁৱৰ এগৰাকী ছাত্ৰই গছৰ ৰসেৰে সাজি উলিয়ালে এটা বেটাৰী । কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰি বন্ধ হৈ আছে সকলো শ্ৰেণীৰ পাঠদান ।

এনে উদ্বেগজনক পৰিস্থিতিৰ মাজতে কমলপুৰৰ নিকটৱৰ্তী শিংৰা গাঁৱৰ প্ৰিয়মজ্যোতি দাস নামৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ এগৰাকীয়ে এবিধ বিশেষ গছৰ ৰস আৰু ডিষ্টিল্ড ৱাটাৰৰ সহায়ত সাজি উলিয়াইছে ৩ ভ'ল্ট ক্ষমতাৰ এটা বিশেষ বেটাৰী । বেটাৰীটো প্ৰায় এহাজাৰ ঘণ্টা চলিব বুলি দাবী কৰিছে মেধা শক্তিৰ ছাত্ৰগৰাকীয়ে । অৱশ্যে ২০৫ ঘণ্টাৰ মূৰে মূৰে জুলীয়া মিশ্ৰণটো বেটাৰীটোত ভৰাই দিব লাগিব বুলিও কয় ছাত্ৰ গৰাকীয়ে ।

গছৰ ৰসেৰে বেটাৰী তৈয়াৰ কৰি বাইহাটাৰ ছাত্ৰৰ চমক

উল্লেখ যে, এইগৰাকী ছাত্ৰই যোৱা বছৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা খানাপাৰাত আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান আৰ্হি প্ৰতিযোগিতাত ভোট এৰা গছৰ পৰা জৈৱ বৈদ্যুতিক কোষ (বেটাৰী) শীৰ্ষক এটা আৰ্হি নিৰ্মাণ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথমস্থান অধিকাৰ কৰিছিল । সদ্যহতে পৰীক্ষামূলকভাৱে এটা ৩ ভল্টৰ বেটাৰী তৈয়াৰ কৰা হৈছে যদিও ভৱিষ্যত বাণিজ্যিকভাৱে ব্যৱহাৰযোগ্য ১২ ভ’ল্টৰ বেটাৰী প্ৰস্তুত কৰিব পৰা যাব বুলি ছাত্ৰজনে দাবী কৰিছে ।

শিংৰা গাঁৱৰ কৃষক হেমেন দাস আৰু ৰীতা দাসৰ জ্যেষ্ঠ পুত্ৰ তথা পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ প্ৰিয়মে ইতিমধ্যে উদ্ভাৱন কৰা দুটা সামগ্ৰী পেটেণ্টৰ বাবে ৰাজ্যিক বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিজ্ঞান পৰিষদ (এছটেক)ৰ ওচৰত আবেদন জনাইছে ।

প্ৰচুৰ উদ্ভাৱনী চিন্তা শক্তিৰ অধিকাৰী প্ৰিয়মে বায়োটেক গৱেশনা কেন্দ্ৰৰ অভাৱৰ বাবে আন দুটা আৰ্হি এতিয়াও সম্পূৰ্ণ কৰিব নোৱৰাত মেধাৱী ছাত্ৰগৰাকীক সহায় কৰিবলৈ সংবাদ মাধ্যমৰ জড়িয়তে মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : ‘কা’ কাৰ্যকৰী কৰি ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলো: দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.