ETV Bharat / city

জি এম চি এইছৰ পৰা নিৰুদ্দেশ ৭ মহীয়া শিশু

author img

By

Published : Apr 13, 2022, 5:44 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে এটি 7 মহীয়া শিশু (Baby goes missing from pediatric ward in GMCH) ৷ বুধবাৰে পুৱা সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ চিকিৎসালয়খনতে এক আতংকৰ সৃষ্টি কৰিছে ৷

7-month-old-baby-goes-missing-from-paediatric-ward-in-gmch
জি এম চি এইছৰ পৰা নিৰুদ্দেশ ৭ মহীয়া শিশু

গুৱাহাটী, 13 এপ্ৰিল : গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা ৷ চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা অৱস্থাৰ পৰাই নিৰুদ্দেশ হৈছে এটি 7 মহীয়া শিশু (Baby missing from GMCH) ৷ বুধবাৰে পুৱা সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ চিকিৎসালয়খনতে এক আতংকৰ সৃষ্টি কৰিছে ৷

জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জনোৱা অনুসৰি, হাজোৰ কলিতাকুছিৰ নৱ কলিতা আৰু বিজুমণি দাসৰ 7 মহীয়া সন্তান প্ৰিয়ম কলিতা বৃক্ক ৰোগত আক্ৰান্ত হৈছিল ৷ যাৰ ফলত বিগত 24 মাৰ্চত শিশুটিক GMCH ত ভৰ্তি কৰাইছিল ৷ মঙলবাৰে নিশা শিশুটিয়ে কিছু আমনি কৰাত মাতৃয়ে শিশুটিক পিতৃৰ কাষত থৈ টোপনি গৈছিল ৷

পিতৃয়ে গোটেই নিশা শিশুটিক চোৱা-চিতা কৰে যদিও বুধবাৰে পুৱতি নিশা শিশুটিয়ে পুনৰ আমনি কৰাত তাতে থকা এগৰাকী মহিলাক শিশুটি ল’বলৈ দিছিল । মহিলাগৰাকীৰ হাতত শিশুটি দি পুৱা 4-30 মান বজাত শিশুটিৰ পিতৃৰ টোপনি যায় ৷ পিছে পুৱা 5-30 মান বজাত শিশুটিৰ পিতৃ-মাতৃয়ে সাৰ পাই শিশুটিৰ সৈতে মহিলা গৰাকীক দেখা নাপাই চিকিৎসালয় কৰ্তৃপক্ষক ঘটনাটো অৱগত কৰে ৷

তাৎপৰ্যপূৰ্ণ কথা যে মহিলাগৰাকীৰ সৈতে পৰিচিত নাছিল শিশুটিৰ পিতৃ-মাতৃৰ । ইফালে ঘটনা সন্দৰ্ভত চিকিৎসায় কৰ্তৃপক্ষই ভঙাগড় আৰক্ষী থানাত (Bhangagarh Police Station) এখন এজাহাৰ দাখিল কৰিছে ৷ লগতে চিকিৎসালয়ত থকা চিচিটিভিত মহিলা গৰাকীক চিনাক্ত কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা বুলিও জিএমচিএইচ অধীক্ষকগৰাকীয়ে কয় । গুৰুত্বপূৰ্ণ কথা যে, ৰোগাক্ৰান্ত শিশুটি সুস্থ হৈ উঠাত আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া কথা আছিল । কিন্তু তাৰ পূৰ্বে সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো ।

লগতে পঢ়ক : খানাপাৰাৰ পৰা গুৱাহাটী বিমান বন্দৰলৈকে নিৰ্মাণ হ’ব ৰোপৱে’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.