ETV Bharat / city

কিমান দূৰ সফল মোডীৰ চৰকাৰৰ অটল অমৃত অভিযান ! - Atal Amrit Yojana success

অটল অমৃত অভিযান যোজনাৰ দ্বাৰা অসমত উপকৃত হৈছে প্ৰায় 77 হাজাৰ ৰোগী ৷ 2016 চনৰ 25 ডিচেম্বৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ 2.5 লাখৰ নিম্ন আয়ৰ পৰিয়ালৰ বাবে আৰম্ভ কৰিছিল অটল অমৃত অভিযান যোজনা । প্ৰথমে 6 টা বেমাৰ সাঙুৰি লোৱা এই আঁচনিত বৰ্তমানে সংযোজিত কৰা হৈছে আৰু নতুনকৈ 6 টা ৰোগ ৷

কিমান দূৰ সফল মোডীৰ চৰকাৰৰ অটল অমৃত যোজনা !

author img

By

Published : Feb 12, 2020, 5:18 AM IST

গুৱাহাটী, 12 ফেব্ৰুৱাৰীঃ দেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোক সকলক সকাহ দিবলৈ 25 ডিচেম্বৰ 2016 চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 2.5 লাখৰ তলৰ নিম্ন আয়ৰ পৰিয়ালৰ বাবে আৰম্ভ কৰিছিল অটল অমৃত অভিযান যোজনা

অটল অমৃত অভিযান
অটল অমৃত অভিযান

বৰ্তমানে এই আঁচনিত সন্নিৱিষ্ট কৰা হৈ আছে মুঠ 12 টাকৈ বেমাৰ ৷ পূৰ্বেতে ইয়াৰ সংখ্যা আছিল কেৱল 6 টা ৷ উল্লেখ্য যে, অসমত এই আঁচনি আৰম্ভ কৰা হৈছিল 2018 চনত

2018 চনত অসমত অটল অমৃত অভিযান যোজনাৰ আৰম্ভণি

বৰ্তমান সময়লৈকে এই আঁচনিৰ জৰিয়তে অসমত প্ৰায় 77 হাজাৰ ৰোগী উপকৃত হৈছে । অসমত বৰ্তমান এই আঁচনিৰ অধীনত 104 খন হাস্পতাল সংযুক্ত কৰা হৈছে ৷ ইয়াৰে 62 খন অসমৰ আৰু 42 খন অসমৰ বাহিৰৰ বুলি জানিবলৈ দিয়ে অটল অমৃত অভিযান চচাইটিৰ বিষয়া কৰ্মচাৰী উৎপল কুমাৰ চক্ৰৱৰ্তীয়ে

12 টাকৈ ৰোগ সাঙুৰি লোৱা হৈছে অটল অমৃত অভিযানত

ইপিনে অটল অমৃত অভিযানৰ দ্বাৰা চিকিৎসা কৰা এগৰাকী ৰোগীয়ে কয়, তেওঁ এই আঁচনিৰ জৰিয়তে ব‍্যক্তিগত ভাৱে যথেষ্ঠ খিনি উপকৃত হৈছে । অটল অমৃত অভিযান নোহোৱা হ’লে হৃদয় ৰোগৰ বহু ব‍্যয়বহুল অস্ত্ৰোপ্ৰচাৰ, ঔষধ ইত্যাদিৰ ক্ৰয় কৰিবলৈ সক্ষম নহ’ল হয় । আনহাতে জি এম চি এইচৰ এগৰাকী বিষয়াৰ মতে, ইয়াৰ দ্বাৰা সাধাৰণ দৰিদ্ৰ ৰোগী সকল যথেষ্ট উপকৃত হৈছে । এই আঁচনিৰ জৰিয়তে গড়ে দৈনিক প্ৰায় ৭০ গৰাকী ৰোগী লাভাম্বিত হয় বুলি কয় ৷

অটল অমৃত যোজনাৰ দ্বাৰা অসমত উপকৃত 77 হাজাৰ ৰোগী

অৱশ্যে এই আঁচনিৰ ক্ষেত্ৰত কিছু কিছু আসোঁৱাহ সোমাই আছে । এই বিষয়ত নেমকেয়াৰ হাস্পতালৰ মুখ্য পৰিচালক হিতেশ বৰুৱাই কয়, 'অটল অমৃত আৰু আয়ুস্মান ভাৰত এই আঁচনিৰ যোগেদি চৰকাৰে যি প্ৰচেষ্টা লৈছে ই সচাঁকৈয়ে প্ৰসংশনীয়। কিন্তু ইয়াত চৰকাৰী আৰু ব‍্যক্তিগত চিকিৎসালয়ৰ মাজত কিছুমান আসোঁৱাহ লুকাই আছে যি বোৰ দূৰ কৰিব পাৰিলে ই এক দীৰ্ঘম্যাদি আঁচনিত পৰিণত হ’ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.