নিউজ ডেস্ক, 21 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি চলিল আছুৰ প্ৰতিবাদ ৷ বিধেয়কখন বাতিলৰ দাবীত বৃহস্পতিবাৰে গোলাঘাট নগৰৰ মাজেৰে জোঁৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। আছুৰ লগতে আটাছু,চুতীয়া ছাত্র সন্থা,আটছাইও সহযোগিতা প্ৰদান কৰে এই প্ৰতিবাদত ।
আনহাতে,জোৰ সমদলৰ জুইত ৰাঙলী হ'ল ৰঙিয়াৰ নিশাৰ আকাশ । তাল বজাই জোৰ লৈ কেইবাশতাধিক আছু কৰ্মীৰ সকিয়নীৃ চৰকাৰক । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীতে জোৰ সমদল বাহিৰ কৰে আছুৱে ৷
নগাঁৱতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ জোঁৰ সমদল । নগাওঁ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ৩০ টা জাতীয় জনগোষ্ঠীয় সংগঠনে কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।
ইফালে, নাগৰিকত্বৰ সংশোধনী বিধেয়ক কেতিয়াও মানি লোৱা ন'হব ,আহ ঐ আহ ওলাই আহ ,আদি শ্ল'গানেৰে বৃহস্পতিবাৰে ধেমাজিত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই বিশাল জোঁৰ সমদল কাৰ্যসূচীৰে উত্তাল কৰে ৰাজপথ ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ ছাত্ৰ সন্থা আৰু আন আন জনজাতীয় সংগঠনৰ উদ্যোগত জোঁৰ সমদলৰে কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৰিগাঁৱত আছুৰ উদ্যোগত জোঁৰ সমদল বাহিৰ কৰে।

একেদৰে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে যোৰহাটৰ জগ্ননাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বাহিৰ কৰা হয় প্ৰতিবাদী জোঁৰ সমদল ৷ ৰাজপথৰ পৰা ৰাজ শাসনৰ গাদীত বহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজৰ অতীত মনত পেলাবলৈ আহ্বান প্ৰতিবাদকাৰীৰ ৷
লখিমপুৰত ১৪ টা জাতীয় সংগঠন আৰু আছু একত্ৰিত হৈ বাহিৰ কৰে জোঁৰ সমদল । লখিমপুৰ নগৰৰ মাজ মজিয়াৰে বিধেয়কৰ বিৰোধিতাৰে উলিওৱা প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰে প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে ৷


তিনিচুকীয়াতো আছুসহ ৩০ সংগঠনৰ কেইবা শতাধিক কৰ্মীয়ে পৰ্বতীয়াস্থিত আছুৰ কাৰ্যালয়ৰ পৰা তিনিচুকীয়াৰ থানা চাৰিআলিলৈ জোঁৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইফালে বৰপেটা জিলা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে বৰপেটা চহৰত বৃহৎ জোঁৰ সমদল বাহিৰ কৰে ৷ হাতে হাতে জোঁৰ লৈ সমদলকাৰী সকলে বজ্ৰ নিনাদেৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰে ৷
শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত নগৰখনত জোঁৰ সমদল বাহিৰ কৰে ৷
সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আছু কাৰ্যালয়ৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তেজপুৰ চহৰৰ মাজেদি জোঁৰ লৈ সমদল বাহিৰ কৰে ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ধুবুৰীতো ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা হয় জোৰ সমদল ৷

বিশ্বনাথতো আছুৰ জোঁৰ সমদল ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ সহযোগত সন্ধিয়া ৫ বজাত শ্বহীদ ভৱন,বিশ্বনাথ চাৰিআলি প্ৰাংগনৰ পৰা জোঁৰ সমদল কাৰ্যসূচী বাহিৰ কৰে ৷
বঙাইগাঁওত সদৌ অসম ছাত্ৰ সন্থাই কেইবা শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণত বঙাইগাঁও চহৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জোঁৰ সমদল বাহিৰ কৰে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিল দাবীত ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ অব্যাহত থকা সময়তে গুৱাহাটী বিশ্ববিদ্যালয়তো ছাত্ৰ সমাজে জোঁৰ সমদল উলিয়াই। কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। বিধেয়ক জাপি দিলে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ হুংকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ।
উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ মন্তব্য কৰাৰ পাচতে অশান্ত হৈ পৰিছে সমগ্ৰ অসম ৷ যাৰ বাবে বৃহস্পতিবাৰে ৰাজ্যজুৰি জোঁৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷