ETV Bharat / city

Russia Ukraine crisis: নিশাৰ ভিতৰতে ভাৰত পাবহি অসমৰ আৰু চাৰি শিক্ষাৰ্থী

author img

By

Published : Feb 28, 2022, 6:48 PM IST

সোমবাৰে নিশাৰ ভিতৰতে ভাৰত পাবহি অসমৰ আৰু চাৰি শিক্ষাৰ্থী ৷ এই কথা সদৰি কৰিলে অসম চৰকাৰে ৷ জানিব পৰা মতে, উক্ৰেইনত কমেও অসমৰ এশগৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে (Assamese students in Ukraine) ।

four-assamese-students-studying-in-ukraine-will-arrive-to-india
নিশাৰ ভিতৰতে ভাৰত পাবহি অসমৰ আৰু চাৰি শিক্ষাৰ্থী

গুৱাহাটী, 28 ফেব্ৰুৱাৰী : আজি অৰ্থাৎ সোমবাৰৰ মাজনিশা বা শেষনিশা ভাৰতত আহি পাব ইউক্ৰেইনত অধ্যয়নৰত অসমৰ আৰু চাৰিগৰাকী শিক্ষাৰ্থীয়ে (assamese students studying in Ukraine to arrive India ) । এই চাৰিগৰাকী শিক্ষাৰ্থী ক্ৰমে, অলিভিয়া ৰাজমেধি, বাস্তৱিকা দাস, ফাৰ্মি নাছৰিণ চুলতানা আৰু কৰীনা বৰা বুলি অসম চৰকাৰে জনায় ৷ চিকিৎসা বিজ্ঞানৰ এই চাৰিগৰাকী শিক্ষাৰ্থীয়ে যুদ্ধজৰ্জৰ ইউক্ৰেইন (Russia Ukraine crisis)ৰ নিজৰ নিজৰ থকা ঠাইৰ পৰা সুকলমে গৈ বুডাপেষ্ট বিমান বন্দৰত উপস্থিত হৈছে আৰু সোমবাৰে নিশাৰ ভাগতে ভাৰতমুখী বিমানত তেওঁলোকক স্বভূমিলৈ লৈ অনা হ’ব বুলি স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰে ।

জানিব পৰা মতে, যুদ্ধই বিধ্বস্ত কৰি পেলোৱা ইউক্ৰেইনত অধ্যয়নসূত্ৰে বাস কৰি অহা অসমৰ শিক্ষাৰ্থী সকলক সুকলমে উদ্ধাৰ কৰি আনিব পাৰি তাৰ বাবে কেন্দ্ৰীয় বহিঃৰাষ্ট্ৰ মন্ত্ৰনালয়ৰ সৈতে অসম চৰকাৰৰ ফালৰ পৰা বিৰামহীনভাৱে যোগাযোগ ৰক্ষা কৰি চলা হৈছে ৷ ইতিমধ্যে শনিবাৰ আৰু দেওবাৰৰ ভিতৰত এই উদ্ধাৰ অভিযানৰ অংশস্বৰূপে অসমৰ দহগৰাকী শিক্ষাৰ্থীক ইউক্ৰেইনৰ পৰা নিৰাপদে উদ্ধাৰ কৰি অনা হৈছে । কিন্তু উদ্বেগজনক কথাটো হ'ল অতি বিপদজ্জনক অৱস্থাত এইপৰ্যন্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ বহু শিক্ষাৰ্থী

উল্লেখ্য যে, তিনিদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে, ইউক্ৰেইনত কমেও অসমৰ এশগৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে (Assamese students in Ukraine) । তেনেক্ষেত্ৰত এই পৰ্যন্ত মাত্ৰ 14 গৰাকীকহে আজি নিশা আহি পাবলগীয়া কেইগৰাকীক ধৰি) উদ্ধাৰ কৰি অনাটো সম্ভৱ হৈছে ।

লগতে পঢ়ক : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ জীৱনৰ দীঘলীয়া প্ৰেমৰ অধ্যায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.