ETV Bharat / city

ৰাইজৰ স্বাৰ্থত মুখ্যমন্ত্রীয়ে উপায়ুক্ত এগৰাকীক কঠোৰভাৱে কিবা এটা ক'বলগীয়া হৈছে : ৰাজ্যিক বিজেপি - উপায়ুক্তক ধমক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ উপায়ুক্তক ধমক (CM Himanta Bishwa Sarma threatening DC) দিয়াৰ লগতে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই এগৰাকী আৰক্ষী বিষয়াক ফোনযোগে ভাবুকি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে ৷ মঙলবাৰে এক সংবাদমেলযোগে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ক্ৰমে ৰঞ্জীৱ কুমাৰ শৰ্মা, কল্যাণ গগৈ আৰু লক্ষ্য কোঁৱৰে দুয়োটা ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ৷

CM agree on DC
ৰাইজৰ স্বাৰ্থত মুখ্যমন্ত্রীয়ে উপায়ুক্তক কাঢ়াকৈ কৈছিল: ৰাজ্যিক বিজেপি
author img

By

Published : Jan 18, 2022, 9:56 PM IST

গুৱাহাটী, ১৮ জানুৱাৰী : মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সুবিধাৰ্থে এজন জিলা উপায়ুক্তক কাঢ়াকৈ কিবা এটা ক'বলগীয়া হৈছে - এই বক্তব্য ৰাজ্যিক বিজেপিৰ । নগাঁৱৰ উপায়ুক্তক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে ধমকি দিয়া ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে কংগ্ৰেছ দলেও মুখ্যমন্ত্ৰীকক কঠোৰ ভাষাৰে সমালোচনা কৰিছে (CM Himanta Bishwa Sarma angry on DC) ।

এই সন্দৰ্ভত মঙলবাৰে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰা হয় । সংবাদমেল সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ক্ৰমে ৰঞ্জীৱ কুমাৰ শৰ্মা, কল্যাণ গগৈ আৰু লক্ষ্য কোঁৱৰে । মুখপাত্ৰ কেইজনে কয় যে, ৰাইজৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত এগৰাকীক কাঢ়াকৈ কিবা এটা ক'বলগীয়া হৈছে । ইয়াক লৈ কংগ্ৰেছে মুখ্যমন্ত্ৰীক জবাবদিহি কৰাৰ পূৰ্বে তেওঁলোকে কৰা অপকৰ্মৰ উত্তৰ অসমৰ ৰাইজক দিয়ক ।

জনমুখী চৰকাৰখনৰ প্ৰশাসনীয় সংস্কাৰমূলক কাম-কাজত বিধি-পথালি নিদিয়াৰ বাবে মুখপাত্ৰকেইজনে কংগ্ৰেছক সকিয়াই দিয়ে । কংগ্ৰেছ দলে আনৰ কথা কোৱাৰ পূৰ্বে নিজকে চাওক । অসম চুক্তিৰ প্ৰসংগত তেওঁলোকে কয় যে, কংগ্ৰেছৰ দিনত অসম চুক্তিখনক পংগু কৰি ৰখা হৈছিল ।

কংগ্ৰেছে সমস্যাৰ সৃষ্টি কৰে আৰু সমস্যা জীয়াই ৰাখি ৰাজনীতি কৰে । কংগ্ৰেছে বিদেশী সমস্যাকে ধৰি আলফা সমস্যা সমাধান নকৰিলে । বৰং আলফাৰ মাজত বিভাজন আনিলে । বিজেপি চৰকাৰৰ দিনত এক সুস্থিৰ বাতাবৰণ গঢ় লৈ উঠিছে বুলি তেওঁলোকে কয় ।

আনহাতে, বিধায়ক অমিয় ভূঞাৰ প্ৰসংগত স্পষ্টীকৰণ দি বিজেপিৰ মুখপাত্ৰকেইজনে কয় যে, জনতাৰ প্ৰতিনিধি হিচাপে তেওঁ জনতাৰ কথাখিনি প্ৰশাসনীয় বিষয়াৰ ওচৰলৈ নিব লাগিব (MLA Amiya Kumar Bhuyan threatening police officer) । তাৰ মাজত কেতিয়াবা ভুল বুজাবুজি হ'ব পাৰে ।

এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আনহাতে এগৰাকী জনপ্ৰতিনিধিৰ সন্মতি অবিহনে ফোন টেপিং কৰাটো এটা অপৰাধ বুলি অভিহিত কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কেইগৰাকীয়ে ।

লগতে পঢ়ক: Assam Meghalaya border conflict : আছু-এবছুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰে মুখ্যমন্ত্রীৰ বৈঠক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.