নিউজ ডেস্ক, 28 জানুৱাৰী : ৰাজ্যত বৃহস্পতিবাৰে 3,677 গৰাকী লোকৰ দেহত ক’ভিড 19ৰ অৱস্থিতি (Covid positive Cases in Assam) ধৰা পৰে আৰু 20 জন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগে লগে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা 7,08,530 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,379 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান সংক্ৰিয় হৈ আছে 35,175 টা ঘটনা ৷ পজিটিভিটি হাৰ হৈছে 8.28 ৷
কামৰূপ মহানগৰীত সৰ্বাধিক 786 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷ কামৰূপ গ্ৰাম্যত 180 গৰাকী, গোৱালপাৰাত 175 গৰাকী আৰু গোলাঘাটত 168 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, ওদালগুৰিত 3 গৰাকী, বিশ্বনাথ, দৰং, কৰিমগঞ্জ, শোণিতপুৰ, তিনিচুকীয়া জিলাত দুজনকৈ আৰু বৰপেটা, কাছাৰ, ডিব্ৰুগড়, কামৰূপ মহানগৰ, কাৰ্বি আংলং জিলাত এজনকৈ লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷
বৰ্তমানলৈকে ৰাজ্যত 2,77,19,045 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ ইয়াৰে 7,08,530 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে 93.95% ৷ আনহাতে বৰ্তমানলৈ 4,10,69,504 গৰাকী লোকক আৰু 6,549 গৰাকী 15-17 বছৰৰ কিশোৰক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷
লগতে পঢ়ক : Covid 19 Update in Assam : অসমত যোৱা 24 ঘন্টাত 21 জনৰ মৃত্যু