ETV Bharat / city

Pradyut Bordoloi on flood relief: এন ডি আৰ এফ শিতানত চাৰি বছৰত অসমে পালে মাত্র ৪৪.৩৭ কোটি টকা

author img

By

Published : Jul 20, 2022, 8:01 PM IST

কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়া বান সাহাৰ্যৰ সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য ৷ অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে দাবী (Declaration of Assam flood as National problem) কৰাটো আৱেগিক দাবী বুলি মুখ্যমন্ত্ৰীয়ে কোৱাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে সাংসদগৰাকীয়ে ৷

Assam got much less money from Central Government as flood aid
এন ডি আৰ এফ শিতানত চাৰি বছৰত অসমে পালে মাত্র ৪৪.৩৭ কোটি টকা

গুৱাহাটী, ২০ জুলাই: কেন্দ্ৰীয় চৰকাৰৰ অসম প্ৰেমৰ প্ৰকৃত স্বৰূপ প্ৰতিফলিত হৈছে সংসদৰ মজিয়াত । লোকসভাত খোদ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰীয়ে বান-ভূমিস্খলনে প্ৰলয়ৰ সৃষ্টি কৰি থৈ যোৱা অসমক এইপর্যন্ত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমনৰ পুঁজিৰ (এন ডি আৰ এফ) ফুটা কড়ি এটাও আদায় নিদিয়াৰ বিস্ফোৰক তথ্য স্বীকাৰ কৰিছে ।

হাজাৰ হাজাৰ লোকক গৃহহীন কৰা, ৰাজ্যৰ আন্তঃগাঁথনিৰ ধ্বংসলীলা চলোৱা বান আৰু ভূমিস্খলন দেখিও কেন্দ্ৰীয় চৰকাৰে এন ডি আৰ এফ শিতানত কোনো পুঁজি মোকলাই নিদিয়া কাৰ্যই অসমক লৈ মোদী চৰকাৰৰ প্ৰকৃত স্বৰূপ যেন উদঙাই দিছে (Center stingy in flood relief for Assam) । চলিত বৰ্ষৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে এন ডি আৰ এফ শিতানত কোনো পুঁজি মোকলাই নিদিয়াৰ লগতে বিগত ৪ বছৰত মাত্ৰ ৪৪.৩৭ কোটি টকাহে অসমক দিছে কেন্দ্ৰীয় চৰকাৰে (Center released fund for flood relief to Assam) ।

অথচ অসমৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্যপ্ৰদেশ আদি ৰাজ্যক প্ৰতি বছৰেই এন ডি আৰ এফ পুঁজিৰ হাজাৰ কোটি টকা মোকলাই দিছে । মঙলবাৰে সদনৰ প্ৰশ্নোত্তৰকালত অসমৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে সোধা এক প্ৰশ্নৰ উত্তৰত (Pradyut Bordoloi give notice for short duration discussion on Assam flood) কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰদান কৰা বিবৃতি অনুসৰি অসমৰ বানশ্ৰ (Flood affected Assam) হেনো মুঠেই গুৰুতৰ (ছিভিয়াৰ) প্ৰকৃতিৰ নহয় ।

সেয়েহে অসমক ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (এন ডি আৰ এফ) শিতানৰ পৰা পুঁজিৰ আবণ্টন দিয়াৰ প্ৰশ্নই নুঠে । বাস্তৱত কোনো লুক-ঢাক নৰখাকৈ মন্ত্ৰী ৰায়ে এই কথা স্পষ্ট কৰি দিয়ে । তেওঁৰ মতে বানৰ নিছিনা দুৰ্যোগ মোকাবিলাৰ বিষয়টো সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ এক্তিয়াৰভূক্ত বিষয় । সেইমৰ্মে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ৰাজ্য চৰকাৰে বানৰ মোকাবিলা কৰিব পাৰে ।

আনহাতে দুৰ্যোগ যদি গুৰুতৰ প্ৰকৃতিৰ হয় তেনেহ'লেহে কেন্দ্ৰই এন ডি আৰ এফ শিতানৰ পৰা এখন ৰাজ্যক পুঁজিৰ যোগান ধৰিব পাৰে । পিছে অসমৰ বান যে গুৰুতৰ প্ৰকৃতিৰ নহয় সেই কথা তথ্য সহকাৰে নিত্যানন্দ ৰায়ে সদনৰ মজিয়াত দাঙি ধৰিছে । মন্ত্ৰী ৰায়ে প্ৰকাশ কৰা মতে বিগত চাৰি বছৰত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষলৈকে অসম চৰকাৰে বানৰ ক্ষতিপূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা মুঠ ৯,৪৭৫.৮৮ কোটি টকাৰ সাহায্য বিচাৰিছিল ৷

পিছে অসমৰ বান গুৰুতৰ প্ৰকৃতিৰ নোহোৱাৰ বাবেই কেন্দ্ৰৰ উচ্চ পৰ্যায়ৰ কমিটীয়ে বানৰ বুজ লৈ অহাৰ পাছত বিগত চাৰি বছৰত অসমে বিচৰা ৯,৪৭৫.৮৮ কোটি টকাৰ পৰিৱৰ্তে মাত্ৰ ১,২৪৩.৬৯ কোটি টকাহে অনুমোদন জনাইছিল (Center extends financial assistance to Assam) । কিন্তু অনুমোদনৰ ১,২৪৩.৬৯ কোটি টকাৰ বিপৰীতে মোকলাই দিয়া হ'ল মাত্ৰ ৪৪.৩৭ কোটি টকা (Assam got much less money from Central Government as flood aid) । এই সন্দৰ্ভত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে বানত অসমৰ ভূখণ্ডৰ প্ৰায় ৪০ শতাংশ জলমগ্ন হয় । ইয়াৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যয়াত মাত্ৰ ১০ শতাংশত বান হয় ।

তেনেস্থলত অসমৰ ক্ষেত্ৰত কিয় এনে অন্যায়-অবিচাৰ কৰা হৈছে বুলি তেওঁ প্ৰশ্ন কৰে । কেন্দ্ৰই বানপানীৰ সমস্যাটো অসমৰ ওপৰত জাপি দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমে অকলে এই সমস্যাটোৰে যুঁজ দিয়াটো সম্ভৱ নহয় । ইফালে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে দাবী (Declaration of Assam flood as National problem) কৰাটো আৱেগিক দাবী বুলি মুখ্যমন্ত্ৰীয়ে কোৱাটো দুৰ্ভাগ্যজনক বুলি তেওঁ কয় । অসমৰ ভয়াৱহ বানপানীৰ ক্ষেত্ৰত কেন্দ্ৰই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি তেওঁ সদৰি কৰে ।

লগতে পঢ়ক: Impact of floods on fish farming: বানত বিপৰ্যস্ত ৰাজ্যৰ মীন অর্থনীতি; মীন খণ্ডত ১০০ কোটি টকাৰ লোকচান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.