ETV Bharat / city

গুৱাহাটীত আঞ্চলিক চাইবাৰ ক্ৰাইম সমন্বয় কেন্দ্ৰৰ কৰ্মশালা অনুষ্ঠিত

author img

By

Published : Sep 4, 2021, 9:50 AM IST

শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় আঞ্চলিক চাইবাৰ ক্ৰাইম সমন্বয় কেন্দ্ৰৰ এক কৰ্মশালা ৷ এই কৰ্মশালাত চাইবাৰ ক্ৰাইম সম্বন্ধীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা কৰা হয় ৷ এই কৰ্শালাত উপস্থিত থাকে উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ২৪ গৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তিনিগৰাকী জ্যেষ্ঠ বিষয়া ৷

assam Police Workshop
ঞ্চলিক চাইবাৰ ক্ৰাইম সমন্বয় কেন্দ্ৰৰ কৰ্মশালা

গুৱাহাটী, 4 ছেপ্তেম্বৰ : শুকুৰবাৰৰ পৰা গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় আঞ্চলিক চাইবাৰ ক্ৰাইম সমন্বয় কেন্দ্ৰৰ এক কৰ্মশালা ৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সহযোগতাত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় এই কৰ্মশালাখনিৰ ৷

এই কৰ্মশালাত চাইবাৰ অপৰাধ অনুসন্ধানৰ লগত জড়িত উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ২৪ গৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তিনিগৰাকী জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে । উত্তৰ পূৰ্বাঞ্চলৰ হকে গুৱাহাটীত স্থাপন কৰা এই আঞ্চলিক চাইবাৰ ক্ৰাইম সমন্বয় কেন্দ্ৰৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে এই কৰ্মশালাখন আয়োজন কৰা হয় ।

লগতে পঢ়ক: গুৱাহাটী পৰিবহণ বিভাগৰ সজাগতা সমদল

কৰ্মশালাখন উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । উদ্বোধনী ভাষণত তেওঁ চাইবাৰ পুলিচিঙৰ প্ৰয়োজনীয়তা আৰু চাইবাৰ স্পেচ সুৰক্ষিত কৰি ৰখাত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সহযোগিতাত এই কৰ্মশালা আয়োজন কৰাৰ বাবে অপৰাধ অনুসন্ধান বিভাগক অভিনন্দন জ্ঞাপন কৰে ।

assam Police Workshop
চাইবাৰ ক্ৰাইম সমন্বয় কেন্দ্ৰৰ এক কৰ্মশালাৰ আয়োজন

কৰ্মশালাত উত্তৰ পূৱৰ ৰাজ্যসমূহে চাইবাৰ অপৰাধ অনুসন্ধান ডিজিটেল প্ৰমাণ সংগ্ৰহ আৰু সংৰক্ষণৰ দিশত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে আলোচনা কৰা হয় । কৰ্মশালাখনত ভাৰতীয় ৰিজাৰ্ভ বেংক, টেলিকম বিভাগ, টেলিকম সেৱা সংস্থা, বিভিন্ন বেংক আদিৰ বিষয়াৰ লগতো আলোচনাত মিলিত হয় ৷

যাতে চাইবাৰ অপৰাধ সংক্ৰান্তীয় গোচৰ সমূহ সফল অনুসন্ধানৰ ক্ষেত্ৰত আইন প্ৰয়োগকাৰী সংস্থাৰ লগত ৰেগুলেটৰি সংস্থাসমূহৰ সঠিক সমন্বয় থাকে । গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই কৰ্মশালাখনত হায়দৰাবাদৰ চাইবাৰ সুৰক্ষা বিশেষজ্ঞ কৃষ্ণাশাস্ত্ৰীৰ সৈতেও মত বিনিময় হয় ।

লগতে চাওক : বানে বিধ্বস্ত কৰা লাইকা-দধিয়াবাসীৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰৰ !

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান এ ৱাই ভি কৃষ্ণাই আদৰণি ভাষণত কৰ্মশালাখনৰ প্ৰয়োজনীয়তা আৰু অসম আৰক্ষীয়ে আৰম্ভ কৰা চিটিজেন ফাইনেঞ্চিয়েল চাইবাৰ ফ্ৰড ৰিপৰ্টিং এণ্ড মেনেজমেণ্ট চিষ্টেমৰ বিষয়ে উল্লেখ কৰে ৷

লগতে তেওঁ কয় যে, বিগত দুটা মাহত ইয়াৰ জৰিয়তে অসম আৰক্ষীয়ে চাইবাৰ প্ৰৱঞ্চকৰ কৱলৰ পৰা বহু ভুক্তভোগীৰ প্ৰায় ৫০ লাখ টকা চাইবাৰ অপৰাধীৰ হাতলৈ যোৱাত বাধা দিবলৈ সক্ষম হৈছে ।

তদুপৰি কেন্দ্ৰীয় চাইবাৰ ক্ৰাইম ৰিপৰ্টিং প’ৰ্টেলে অসমৰ লগত জড়িত প্ৰায় ৩৮০০ অভিযোগ অসম আৰক্ষীলৈ প্ৰেৰণ কৰিছে ৷ আনহাতে, অসমৰ বিভিন্ন আৰক্ষী থানাৰ জৰিয়তে এই অভিযোগসমূহৰো অনুসন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: এতিয়াৰে পৰা ঘৰতে বহি অনলাইন যোগে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.