গুৱাহাটী, ২৪ মে': দেশ তথা ৰাজ্যত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ বিভীষিকা । ৰাজ্যত দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা । চৰকাৰী নিৰ্দেশাৱলী অনুসৰি ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো হৈছে বাধ্য়তামূলক । কিন্তু ইয়াৰ মাজতেই পোহৰলৈ আনিছে ৰাজ্যবাসীৰ কাণ্ড-জ্ঞানহীনতাৰ এক নমুনা । কাৰণ লক্ ডাউনৰ মাজতে বিগত ৯ টা দিনত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ পৰা অসম আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ২৫ লাখ ১৯ হাজাৰ ৫০০ টকাৰ জৰিমনা ৷ য’ত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিছে সৰ্বাধিক ৬ লাখ ৫৩ হাজাৰ টকা । ১৩ মে’ৰ দিনা সৰ্বাধিক সংগ্ৰহ হৈছিল ৬৫,৫০০ টকা ৷
উল্লেখ্য যে, ১৩ মে'ৰ পৰা অসম চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছিল ৷ ইয়াৰ পাচতেই এই আইন আমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী আৰু প্ৰশাসনৰ নীতি-নিৰ্দেশনা নমনা লোকৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ আইনী ব্যৱস্থা ৷
আনহাতে বাহনৰ ক্ষেত্ৰত নিয়ম উলংঘা কৰা লোকৰ পৰা অসম আৰক্ষীয়ে সংগ্ৰহ কৰিছে প্ৰায় ২ কোটি ৮৪ লাখ ৯২ হাজাৰ ৩৫০ টকা জৰিমনা ৷ লগতে মুঠ বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ২৮,৫০২ খন ৷ ইয়াৰ ভিতৰত দুচকীয়া বাহন ২৫,৩৯৫ খন আৰু চাৰিচকীয়া বাহন আছে ২,৪১৮ খন ৷ ইয়াৰ উপৰি গোচৰ ৰুজু কৰা হৈছে ২,৪১৩ জন লোকৰ বিৰুদ্ধে ৷ আটক কৰা হৈছে ৪,৫২৬ জনক ৷ ইপিনে দেশীয় নাও ২৩ খন আৰু মেচিন নাও ১১ খন জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ৷
কোন তাৰিখে কিমান জৰিমান সংগ্ৰহ সবিশেষ তথ্য়-
তাৰিখ | জৰিমনা সংগ্ৰহ |
---|---|
১৩ মে' | ৬৫ হাজাৰ ৫০০ টকা |
১৪ মে' | ৮০ হাজাৰ টকা |
১৫ মে' | ১ লাখ ৭ হাজাৰ ৫০০ টকা |
১৬ মে' | ৭৫ হাজাৰ ৫০০ টকা |
১৭ মে' | ৮৫ হাজাৰ টকা |
১৮ মে' | ৫৬ হাজাৰ টকা |
১৯ মে' | ৬৩ হাজাৰ ৫০০ টকা |
২০ মে' | ৬০ হাজাৰ ৫০০টকা |
২১ মে' | ১৪ হাজাৰ ৫০০ টকা |
২২ মে' | ৪৫ হাজাৰ টকা |
( বৰ্তমানলৈকে ১৫ মে'ত সৰ্বাধিক ১ লাখ ৭ হাজাৰ ৫০০ টকা আৰু ২১ মে'ত সৰ্বনিম্ন ১৪ হাজাৰ ৫০০ টকা জৰিমনা সংগ্ৰহ)
বৰ্তমানলৈকে অসম আৰক্ষীয়ে লক্ ডাউনৰ সময়ত উৰা বাতৰি বিয়পোৱা সকলৰ বিৰুদ্ধে ৯৬ টা গোচৰ ৰুজু কৰি ৫০ জন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ।