স্পৰ্টছ ডেস্ক, 14 জানুৱাৰীঃ 10 জানুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হৈ থকা তৃতীয় খেল’ ইণ্ডিয়া য়ুথ গেমছৰ চতুৰ্থ দিনা আয়োজক ৰাজ্য অসমৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ সোমবাৰৰ দিনটোত ঘৰুৱা দলটোৱে অৰ্জন কৰে মুঠ 7 টা কৈ পদক ৷ বৰ্তমান 3 টা সোণ, 5 টা ৰূপ আৰু 5 টা ব্ৰঞ্জৰে মুঠ 13 টা পদকেৰে ত্ৰয়োদশ স্থানলৈ অগ্ৰগতি কৰিছে অসমে ৷

অসমৰ বাবে চতুৰ্থ দিনা প্ৰথমটো সোণৰ পদক কঢ়িয়াই আনে গংগোত্ৰী বৰদলৈয়ে ৷ মহিলাৰ 60 কিলোমিটাৰ ব্যক্তিগত চাইকেলিঙত এই পদক লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ আনহাতে একে শাখাতে ব্ৰঞ্জৰ পদক লাভ কৰে চয়নিকা গগৈয়ে ৷ এই দুই খেলুৱৈৰ লগতে ল’ৰাৰ 21 বছৰ অনুৰ্ধ্ব 10 মিটাৰ ৰাইফল শ্বুটিঙত হৃদয় হাজৰিকাই ৰূপৰ পদক, সুৰভি পাটোৱাৰীয়ে 21 অনুৰ্ধ্ব ছোৱালিৰ টেবুল টেনিছত ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

ইপিনে দিনটোত দ্বিতীয়টো সোণৰ পদক আহে ল’ৰাৰ 21 বছৰ অনুৰ্ধ্ব 4x100 মিটাৰ ৰিলে ৰেছত ৷ পল্লৱ গগৈ, হুম মাচাহাৰী, ৰাজীৱ ব্ৰাহ্মা আৰু সুবৰ্ণ কলিতাৰ দলটোৱে এই পদক আঁজুৰি আনিবলৈ সক্ষম হয় ৷

21 বছৰ অনুৰ্ধ্ব 55 কিলোগ্ৰাম শাখাত জুড’ত পদক লাভ কৰে ছালিম আনচাৰীয়ে ৷ ব্ৰঞ্জ পদক লাভ কৰে ছালিমে ৷ ইয়াৰ উপৰিও অসমৰ ফুটবল দলটোৱেও সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ ছোৱালীৰ 21 অনুৰ্ধ্ব দলটোৱে পাঞ্জাৱক 9-0 গ’লত পৰাস্ত কৰাৰ বিপৰীতে ছোৱালীৰ 17 অনুৰ্ধ্ব দলটোৱেও ঝাৰখণ্ডক 3-2 ব্যৱধানত পৰাস্ত কৰে ৷

ফুটবলৰ লগতে হকীৰ ছোৱালীৰ 17 অনুৰ্ধ্ব দলটোৱে পাঞ্জাৱক 3-1 ব্যৱধানত পৰাস্ত কৰি জয়েৰে অভিযানৰ আৰম্ভ কৰিবলৈ সক্ষম হয় ৷ চতুৰ্থ দিনৰ অন্তটো শীৰ্ষত অধিষ্ঠিত আছে মহাৰাষ্ট্ৰ দলটো ৷