ETV Bharat / city

"সম্পৰ্ক"ৰে সম্পৰ্ক গঢ়িছে বহিঃৰাজ্যৰ পৰা প্ৰব্ৰজিত 67 হাজাৰ শ্ৰমিকে - "সম্পৰ্ক" নামেৰে এক আঁচনি

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগেও বহিঃৰাজ্যৰ পৰা প্ৰব্ৰজিত এইসকল শ্ৰমিকক পাৰ্যমানে সংস্থাপন দিয়াৰ চেষ্টা চলাইছে । ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাসে ।

"সম্পৰ্ক"ৰে সম্পৰ্ক গঢ়িছে বহিঃৰাজ্যৰ পৰা প্ৰব্ৰজিত 67 হাজাৰ শ্ৰমিকে

author img

By

Published : Sep 27, 2020, 12:54 PM IST

গুৱাহাটী, 27 ছেপ্টেম্বৰ : কৰ'ণা মহামাৰী, লকডাউন, কৰ্মহীনতা আদিৰ হেঁচাত পৰি অসমলৈ উভতি অহা লক্ষাধিক শ্ৰমিকৰ অধিকাংশই বিভিন্ন ধৰণে নিজৰ ৰাজ্যখনত ভাতমুঠি মোকলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে । এই ক্ষেত্ৰত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগেও বহিঃৰাজ্যৰ পৰা প্ৰব্ৰজিত এইসকল শ্ৰমিকক পাৰ্যমানে সংস্থাপন দিয়াৰ চেষ্টা চলাইছে । ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাসে ।

তেওঁ কয় যে বহিঃৰাজ্যৰ পৰা প্ৰব্ৰজিত এইসকল শ্ৰমিকৰ সঠিক তথ্য লাভ কৰিবলৈ "সম্পৰ্ক" নামেৰে এক আঁচনিৰ জড়িয়তে পঞ্জীয়নৰ ব্যৱস্থা কৰিছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে । সেই আঁচনিত প্ৰায় 67 হাজাৰ প্ৰব্ৰজিত শ্ৰমিকে নিজৰ নাম পঞ্জীয়ন কৰে । ইয়াৰে 21 হাজাৰ শ্ৰমিকে জবকাৰ্ড বিচাৰে । 11 হাজাৰ লোকে এমজি এনৰেগাৰ অধীনত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু তেওঁলোকৰ প্ৰায় সকলোকে কামৰ ব্যৱস্থা কৰি দিয়া হৈছে ।

বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকৰ নিয়োগ সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাস

আনহাতে, প্ৰায় 2500 জন কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী আদিয়ে সংস্থাপন বিচৰাত তেওঁলোককো ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামত নিয়োগৰ ব্যৱস্থা কৰি দিছে চৰকাৰে ৷

লগতে পঢ়ক : ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা মৰিগাঁৱৰ বিষ্ণু বৰদলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.