ETV Bharat / city

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি : মৃত্যুৰ সংখ্যা 37 জনলৈ বৃদ্ধি

author img

By

Published : Jul 5, 2020, 12:38 AM IST

শনিবাৰৰ ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 37 জনলৈ ৷ বৰ্তমানো জলমগ্ন হৈ আছে 18 খন জিলাৰ 43 টা ৰাজহ চক্ৰৰ 1,412 খন গাঁও ৷ আনহাতে বানৰ কৱলত পৰিছে 53,348.42 হেক্টৰ কৃষিভূমি ৷

Assam latest flood report : Death toll rises to 37

গুৱাহাটী, 4 জুলাই : ৰাজ্যত অব্যাহত আছে বান পৰিস্থিতি ৷ শনিবাৰৰ দিনটোত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 37 জনলৈ ৷ শনিবাৰে পুনৰ মৰিগাঁও আৰু তিনিচুকীয়াত এজনকৈ লোকৰ মৃত্যু হয় বানত ৷ বৰ্তমানো জলমগ্ন হৈ আছে 18 খন জিলাৰ 43 টা ৰাজহ চক্ৰ1,568 খন গাঁও ৷ আনহাতে বানৰ কৱলত পৰিছে 53,348.42 হেক্টৰ কৃষিভূমি ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷

অসমৰ ধেমাজি, বিশ্বনাথ, চিৰাং, দৰং, নলবাৰী, বৰপেটা,কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ’,মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া জিলাত বৰ্তমানো অব্যাহত আছে বানৰ সংহাৰ ৷

ৰাজ্যত বানত মৃত্যুৰ সংখ্যা 37 জনলৈ বৃদ্ধি

বানত বৰ্তমানলৈ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ 10,75,204 গৰাকী লোক ৷ বানাক্ৰান্ত লোকৰ সাহাৰ্যৰ্থে এতিয়াও 171 টা আশ্ৰয় শিবিৰ স্থাপিত কৰা আছে ৷

উল্লেখ্য যে, যোৰহাটৰ নিমাতিঘাট, গোৱালপাৰা, ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰত জীয়া ভৰালী, নগাঁও ধৰমতুলাত কপিলী নৈ আৰু নলবাৰীত পগলাদিয়া নদীৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে ৷ বানে বৰ্তমানলৈ ৰাজ্যৰ 21 খন জিলাৰ 135 টা মথাউৰি ছিঙাৰ লগতে 17 খন জিলাৰ 73 খন দলং উটুৱাই নিছে বলিয়া বানে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.